গুৱাহাটী, ৩ ছেপ্টেম্বৰ :সোণালী সূতাৰ দেশ খ্যাত অসমৰ পাট-মুগা বস্ত্ৰ শিল্পই বহন কৰি আহিছে অসমীয়া স্বাভিমান আৰু ঐতিহ্য । কিন্তু আপুনি এটা কথা জানি বৰ এটা সুখী নহ’ব যে অসমৰ চাহিদা অনুসৰি সুখদায়ক নহয় পাট-মুগা সূতাৰ উৎপাদন ৷ এতিয়াও পাট-মুগাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পৰা নাই অসম ৷
সোণালী সূতাৰ দেশত অভাৱ পাট-মুগা সূতাৰ উৎপাদন (ETV Bharat Assam) এসময়ত ছাঁতে শুকোৱা, মুঠিতে লুকুৱা কাপোৰ বোৱা অসমীয়া জাতি এতিয়া পাট-মুগাৰ ক্ষেত্ৰত বহু পৰিমাণে পৰৰাজ্যৰ ওপৰত নিৰ্ভৰশীল ৷ মুগাৰ ক্ষেত্ৰত কমকৈ আমদানি কৰিবলগা হয় যদিও পাটৰ ক্ষেত্ৰত আন ৰাজ্যৰ ওপৰতে বেছি নিৰ্ভৰশীল হৈ আহিছে অসম ।
স্বাভাৱিকতে আপোনাৰ জানিবলৈ মন যাব যে অসমত বছৰি পাট আৰু মুগা সুতাৰ চাহিদা কিমান ? তাৰে কিমান অসমত উৎপাদন হয়, অসমৰ বাহিৰৰ পৰা কিমান আমদানি কৰিবলগীয়া হয় ? কোন কোন স্থানৰ পৰা আমদানি কৰা হয় ?
পাট-মুগা সূতাৰ উৎপাদন (ETV Bharat Assam) - অসমত পাট আৰু মুগা সূতাৰ চাহিদা, উৎপাদন আৰু আমদানি :
অসমত সম্প্ৰতি পাট আৰু মুগা সূতাৰ চাহিদা, উৎপাদন আৰু আমদানিকৃত সূতাৰ পৰিমাণ মনকৰিবলগীয়া । বছৰি অসমে আমদানি কৰিবলগা হয় ২৯৮৭০০ কিলোগ্ৰাম পাট সূতা আৰু ২৫,৫৬০ কিলোগ্ৰাম মুগা সূতা ।
পাট সূতা :অসম চৰকাৰৰ তথ্য অনুসৰি বছৰি ৰাজ্যত পাট সূতাৰ চাহিদা প্ৰায় ৩,০০,০০০ কেজি । কিন্তু ইযাৰ বিপৰীতে বর্তমান অসমৰ নিজা পাট সূতা উৎপাদন ১৩,০০০ কেজি মাত্ৰ । চাহিদাৰ বাকী ২৮৭০০০ কিলোগ্ৰাম পাট সূতা আনিবলগীয়া হয় ৰাজ্যৰ বাহিৰৰ পৰা ।
অসমত মুগা পালকৰ সংখ্যা কিমান ? (ETV Bharat Assam) মুগা সূতা :ৰাজ্য চৰকাৰে অসম বিধানসভাত শেহতীয়াভাৱে দাখিল কৰা তথ্য অনুসৰি অসম মুগা সূতাৰ চাহিদা ১,৯০,০০০ কিলোগ্ৰাম । আনহাতে ৰাজ্যত নিজা উৎপাদিত মুগা সূতাৰ পৰিমাণ ১,৬৪,২৪০ কিলোগ্ৰাম । অসমত মুগা সূতাৰ মুঠ ঘাটি ২৫,৫৬০ কিলোগ্ৰাম । অৰ্থাৎ বছৰি ২৫,৫৬০ কিলোগ্ৰাম বেলেগ ৰাজ্যৰ পৰা আনিব লগীয়া হয় ৷
সোণালী সূতাৰ দেশ অসম (ETV Bharat Assam) লগতে পঢ়ক :এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self reliant weaver in Golaghat
- অসমে ক’ৰ পৰা আনে প্ৰয়োজনীয় পাট-মুগা সূতা :
অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বয়ন বিভাগৰ মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মই দিয়া তথ্য অনুসৰি অসমক প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ এই ২৮৭০০০ কিলোগ্ৰাম পাট সূতা কর্ণাটক আৰু পশ্চিম বংগ ৰাজ্যৰ পৰা আমদানি কৰা হয় । আনহাতে মুগা যিহেতু অসমত যথেষ্ট পৰিমাণে উৎপন্ন হয় ৷
পলু উৎপাদন (ETV Bharat Assam) মুগা পালন অসমৰ এক স্বকীয় বৈশিষ্ট্য ৷ সেয়ে আমদানিকৃত পাট সূতাৰ বৃহৎ পৰিমাণতকৈ তুলনামূলকভাৱে মুগা সূতা কম পৰিমাণে আমদানি কৰিব লগা হয় অসমে । অৱশ্যে বছৰি ২৫,৫৬০ কিলোগ্ৰাম মুগা সূতা আমদানিও একেবাৰে কম নহয় ।
হস্ততাঁত আৰু বস্ত্ৰ শিল্প বয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে জনায় যে চাহিদা অনুযায়ী মুগা সূতাৰ উৎপাদন বৃদ্ধিৰ বাবে বিভাগটোৱে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ সহযোগত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে । ৰাজ্যক প্ৰয়োজনীয় বাকী সূতাসমূহ চৰকাৰী প্ৰতিষ্ঠান আৰু বেচৰকাৰী ব্যৱসায়ীৰ যোগেদি ৰাজ্যখনলৈ আমদানি হৈ আহিছে ।
পলু উৎপাদন (ETV Bharat Assam) লগতে পঢ়ক :Cultivation of silkworms : পুৰণিকলীয়া পদ্ধতিৰে আজিও পলুখেতি কৰা খেতিয়কৰ গাঁথা
- অসমত মুগা পালকৰ সংখ্যা কিমান ?
অসমত কেইবা শতিকা ধৰি মুগা খেতি পালন কৰি অহাৰ তথ্য পোৱা যায় ৷ এতিয়াও অসমত বিভিন্ন অঞ্চলত মুগা খেতি পালন কৰা হয় ৷ বর্তমানে অসমত ২৯২১০ টা মুগা কৃষক পৰিয়াল হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ FRDB (Farmers Reeling Data Base) ত পঞ্জীকৃত হৈ আছে ।
- কোন জিলাত কিমান মুগা কৃষক আছে ?
অসমত ২৯২১০ টা মুগা কৃষক পৰিয়ালৰ ভিতৰত সৰ্বাধিক মুগা পালক পৰিয়াল আছে লখিমপূৰ জিলাত ৷ চৰকাৰী তথ্য অনুসৰি, লখিমপুৰ জিলাত ৭৯৩২ টা মুগা পালক পৰিয়াল আছে । ৩১০৩ টা মুগা পালক পৰিয়ালেৰে দ্বিতীয় স্থানত আছে ধেমাজি জিলা । তৃতীয় স্থানত আছে কামৰূপ জিলা ৷ কামৰূপ জিলাত মুঠ ৩০৮০ টা পৰিয়াল আছে । জিলা অনুসৰি পঞ্জীকৃত মুগা পালকৰ সংখ্যা এনেধৰণৰ -
পাট-মুগা সূতাৰ উৎপাদন (Assam Govt official page) - মুগা পালকৰ বাবে কিছু তথ্য :
অসমৰ মুগা পালকে চাহিদা অনুযায়ী পৰ্যাপ্ত বীজ বা সঁচ লাভ কৰেনে ? এইক্ষেত্ৰত চৰকাৰে মুগা পালকসকলক কেনেধৰণৰ সহযোগিতা আগবঢ়ায় ?
- চহিদা অনুযায়ী মুগা সঁচৰ মুঠ :
বর্তমানে কেন্দ্ৰীয় ৰেচম বৰ্ডৰ সহযোগত অভিযোজিত সচুৱা মুগা পালক আৰু ব্যক্তিগত মুগা সঁচ উৎপাদনৰ সৈতে একত্ৰ হৈ ৰাজ্যখনৰ মুগা সঁচৰ মুঠ চাহিদাৰ বহু শতাংশ সঁচ বর্তমান প্ৰস্তুত কৰি আছে । এই ক্ষেত্ৰত ৰাজ্যিক স্ব-অগ্রাধিকাৰ আঁচনিৰ অধীনত ৰেচম বিভাগে কেন্দ্ৰীয় ৰেচম বৰ্ডৰ পৰা মুগা পলুৰ আগতীয়া মূল সঁচ (Pre Basic Seed) আৰু মূল সঁচ (Basic Seed) সংগ্ৰহ কৰি চৰকাৰী মুগা পাম আৰু অভিযোজিত সচুৱা মুগা পালকৰ জৰিয়তে প্ৰতি পালন, বৃদ্ধি আৰু পুনঃবৃদ্ধিকৰণৰ ব্যৱস্থা প্ৰতি বছৰে গ্ৰহণ কৰি আহিছে । মুগাপালক সকলে ৰেচম বিভাগৰ পৰা এইসমূহ সুবিধা গ্ৰহণ কৰিব পাৰে ৷
লগতে পঢ়ক :ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক - Muga Farmers Condition