অসম

assam

ETV Bharat / state

দুৰ্ঘটনাত নিহত-আহত শ্ৰমিকৰ বাবে অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহায্য - Special financial assistance - SPECIAL FINANCIAL ASSISTANCE

Assam govt: ই-শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত শ্ৰমিকলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে বিশেষ আৰ্থিক সাহায্য । এই সন্দৰ্ভত প্ৰকাশ পাইছে বিজ্ঞাপন । কেনেকৈ লাভ কৰিব চৰকাৰৰ সাহায্য ।

Assam govt special financial assistance for labours died and injured in accident
দুৰ্ঘটনাত নিহত-আহত শ্ৰমিকৰ বাবে অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহায্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:27 PM IST

গুৱাহাটী,১৮ আগষ্ট: ৰাজ্যত সংগঠিত আৰু অসংগঠিত লাখ লাখ শ্ৰমিকৰ বাবে অসম চৰকাৰৰ আছে বিশেষ আৰ্থিক সাহায্য । বিশেষকৈ ই-শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত শ্ৰমিকলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে বিশেষ আৰ্থিক সাহায্য । এই আৰ্থিক সাহায্য লাভৰ বাবে অসম চৰকাৰ শ্ৰম বিভাগৰ তৰফৰ পৰা বিজ্ঞাপনো প্ৰকাশ কৰা হৈছে ।

দুৰ্ঘটনাত নিহত-আহত শ্ৰমিকলৈ আৰ্থিক সাহায্য (ETV Bharat Assam)

শ্ৰমিকৰ বাবে কি এই আৰ্থিক সাহায্য:ৰাজ্য চৰকাৰৰ এই আৰ্থিক সাহায্যৰ যোগেদি দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব ২ লাখ টকা । আনহাতে দুৰ্ঘটনাত পতিত হৈ অংগক্ষত হোৱা শ্ৰমিকৰ বাবেও আছে আৰ্থিক সাহায্য । ইয়াৰ ভিতৰত দৃষ্টিশক্তি ঘূৰি নহাকৈ দুয়োটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা শ্ৰমিকে লাভ কৰিব ২ লাখ টকাৰ আৰ্থিক সাহায্য ।

স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰাকৈ দুয়োখন হাত নাইবা দুয়োখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা শ্ৰমিকে আৰ্থিক সাহায্য হিচাপে লাভ কৰিব ২ লাখ টকা । সেইদৰে স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ এখন হাত আৰু এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা শ্ৰমিকে লাভ কৰিব ২ লাখ টকাৰ আৰ্থিক সাহায্য ।

চৰকাৰী বিজ্ঞাপন (ETV Bharat Assam)

তদুপৰি দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা আৰু এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা শ্ৰমিকে ক্ষতিপূৰণ হিচাপে লাভ কৰিব ২ লাখ টকাৰ আৰ্থিক সাহায্য । আনহাতে দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা নাইবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা শ্ৰমিকে ক্ষতিপূৰণ হিচাপে ১ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব ।

আবেদনৰ বাবে প্ৰয়োজনীয় যোগ্যতা:

২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিকে এই আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিব পাৰিব । তদুপৰি ২০২২ চনৰ ৩১ মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বা অঙ্গক্ষত হোৱা অসংগঠিত শ্ৰমিকে আবেদন কৰিব পাৰিব ।

অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহায্য (ETV Bharat Assam)

মৃত্যুৰ ক্ষেত্রত প্ৰয়োজনীয় নথি:

দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ ক্ষেত্রত আবেদনৰ বাবে কেতবোৰ নথিৰ প্ৰয়োজন । আবেদনকাৰীৰ আধাৰ নম্বৰ, ইউ এ এন (eShram) কার্ড/নম্বৰ, মৃত্যুৰ প্ৰমাণ-পত্ৰ, দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ উল্লিখিত চিকিৎসা প্ৰমাণ-পত্ৰ, ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ, পঞ্চনামা, মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, নাবালক শ্ৰমিকৰ ক্ষেত্রত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকত্বৰ প্ৰমাণ-পত্ৰ দাখিল কৰাটো বাধ্যতামূলক ।

অংগক্ষত শ্ৰমিকৰ ক্ষেত্রত প্ৰয়োজন হোৱা নথি:

অংগক্ষত হোৱা শ্ৰমিকৰ ক্ষেত্রত আবেদনৰ বাবে কেতবোৰ নথিৰ প্ৰয়োজন । অংগক্ষত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত আবেদনকাৰীৰ আধাৰ নম্বৰ, ইউ এ এন (eShram) কার্ড/নম্বৰ, দুৰ্ঘটনাজনিত প্রতিবন্ধকতাৰ প্ৰমাণ দাঙি ধৰা চিকিৎসালয়ে প্রদান কৰা নথি-পত্ৰ (Discharge Summary), ৰাজ্য-কেন্দ্ৰীয়শাসিত অঞ্চলত চৰকাৰৰ অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকতাৰ প্ৰমাণ-পত্ৰ অথবা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ অধীনৰ দিব্যাংগজন সশক্তিকৰণ বিভাগৰ দ্বাৰা জাৰি কৰা একক প্ৰতিবন্ধকতা পৰিচয়-পত্ৰৰ (স্থায়ী) প্ৰয়োজন ।

আৰ্থিক সাহায্যৰ বাবে ক'ত কৰিব আবেদন:

আবেদনৰ বাবে শ্রমিক অথবা তেওঁৰ আইনী উত্তৰাধিকাৰীয়ে জিলা আয়ুক্ত কার্যালয় বা সমীপৰ শ্ৰম কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব । আবেদনকাৰীয়ে জমা দিয়া প্রত্যায়িত নথি-পত্ৰসমূহ মূল নথি-পত্ৰৰ সৈতে মিলাই পৰীক্ষা কৰা হ'ব ।

লগতে পঢ়ক:ৰাইজৰ ক্ষতি কৰিবলৈ কোনোবা ওলালে আমি একশ্যন ল’ম : অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিত সিং - ULFA I Bomb Plant

ধৰ্ষণ-হত্যা আদি ৰাজনীতিৰ বিষয় নহয়, এয়া সামূহিক ব্যৰ্থতা : উৎপল শৰ্মা - AASU President Utpal Sarma

ABOUT THE AUTHOR

...view details