নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰী :অসমত কংগ্ৰেছ দলক সুচাৰুৰূপে আগবঢ়াই নিয়াত সঁচাকৈয়ে ব্যৰ্থ হৈছে নেকি সভাপতি ভূপেন বৰা ? কিয়নো বৰাই প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱা পিচৰে পৰাই যিটো গতিত কংগ্ৰেছ দলত খহনীয়া আৰম্ভ হৈছে সেয়া সঁচাকৈয়ে নজিৰবিহীন ৷
আনকি বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে দুজনকৈ কংগ্ৰেছ বিধায়কে চৰকাৰৰ প্ৰতি মুকলিকৈ সমৰ্থন আগবঢ়ায় ৷ ইয়াৰ পূৰ্বেও আন দুজন কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে চৰকাৰক সমৰ্থন জনাই এক প্ৰকাৰে বিজেপিৰ পক্ষ লৈ থৈছে ৷ এই দুই বিধায়কৰ নোম এডালো লৰাবলৈ সক্ষম হোৱা নাই ভূপেন বৰাই ৷
শশীকান্ত দাস আৰু ছিদ্দিক আহমেদৰ পদাংক অনুসৰণ কৰি বুধবাৰে বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই নিজৰ দলক বুঢ়া আঙুলি দেখুৱাই বিজেপিৰ শৰণাপন্ন হ’ল ৷ নিয়মমাফিকভাৱে ভূপেন বৰাই কালি (বুধবাৰ) বসন্ত দাসলৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জৰি কৰিয়েই থমকি ৰ’বলগীয়া হ’ল ৷ কিন্তু ভূপেন বৰাই মানি লওক বা নলওক কংগ্ৰেছৰ বৰঘৰ যে ধুমুহাই তচনচ কৰিছে সেই কথা এতিয়া আৰু লুকাই থকা নাই ৷