বিশ্বনাথ, ১৫ মে’:আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল ৷ এই বাক্যশাৰীৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হয় যে যিকোনো গুৰুত্বপূৰ্ণ বস্তু বা মূল্যবান সামগ্ৰী যদি ব্যৱহাৰ কৰা নহয়, তেন্তে সেই সামগ্ৰী নথকাই ভাল ৷ এতিয়া এই বাক্যশাৰী অসমৰ চৰকাৰ বিয়াগোম লোকনিৰ্মাণ বিভাগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া হৈছে ।
প্ৰায় পাঁচ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ গড়কাপ্তানি বিভাগ তথা এতিয়াৰ লোকনিৰ্মাণ বিভাগৰ শাখা বিষয়াৰ কাৰ্যালয় ও জিৰণি গৃহটো ৷ কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনত নিৰ্মাণ কৰা গৃহটো হিমন্ত বিশ্ব শৰ্মাৰ দিনতো মুকলি কৰা হ’ল ৷ কেৱল অপচয় কৰা হ’ল চৰকাৰী ধনৰ ৷
ৰাইজৰ পৰা কৰ-কাটলেৰে সংগ্ৰহ কৰা ধন পৰি ৰৈছে হাবি-বননিৰ মাজত ৷ দিনৰ পিচত দিন পাৰ হৈছে, কিন্তু আজিলৈকে চৰকাৰী কাৰ্যালয়টোত খোজ নেপেলালে বিভাগীয় কোনো এজন বিষয়া তথা কৰ্মচাৰীয়ে । বিশ্বনাথত দেখা গৈছে এই দৃশ্য ৷ বিশ্বনাথৰ লোক নিৰ্মাণ বিভাগৰ তথ্য অনুসৰি কাৰ্যালয় গৃহটোৰ নিৰ্মাণে প্ৰায় পাঁচটা বছৰ অতিক্ৰম কৰিলে । কিন্তু বিগত ৫ টা বছৰৰো অধিক কাল বন্ধ হৈ থকাত জৰাৰ্জীণ অৱস্থালৈ পৰিণত হৈছে গৃহ ।