অসম

assam

অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া - Agitation against non Assamese

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:35 PM IST

Tense situation in Tinsukia: শিৱসাগৰৰ পাছত উত্তপ্ত তিনিচুকীয়া ৷ জিলাখনৰ 14 টা দল-সংগঠনে তলা ওলোমালে গুপ্তা মটৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ৷ 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী ৷ ঘটনাটো কি জানিবলৈ পঢ়ক বিস্তৃত প্ৰতিবেদন---

allegations of misbehaved of indigenous youth by non-Assamese Businessman in tinsukia
অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া (ETV Bharat Assam)

তিনিচুকীয়া, 21 আগষ্ট:শিৱসাগৰৰ ঘটনাই সংবাদ শীৰ্ষ দখল কৰি থকাৰ সময়তে পুনৰ তিনিচুকীয়াত সংঘটিত হ’ল অনুৰূপ ঘটনা ৷যাৰ বাবেঅনা-অসমীয়া বণিয়াৰ দৌৰাত্ম্যৰ বিৰুদ্ধে তিনিচুকীয়াত বুধবাৰে 14 টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বই ক্ষোভ উজাৰি তলা ওলোমালে অনা-অসমীয়া বণিয়াৰ গুপ্তা মটৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ৷

অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া (ETV Bharat Assam)

জানিব পৰা মতে, স্থানীয় এগৰাকী যুৱকে তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে তিনিচুকীয়া মাকুম পথৰ গুপ্তা মটৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় আৰু ইয়াৰ পাছত যুৱকজনক অশ্লীল গালি-গালাজ গুপ্তা মটৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে কৰে বুলি অভিযোগ তুলিছে ৷ এই সন্দৰ্ভত স্থানীয় জাতীয়-জনগোষ্ঠীয় দল-সংগঠনবোৰে অৱগত হোৱাৰ পাছতে জাঙুৰ খাই উঠে আৰু মঙলবাৰে সন্ধিয়া 14 টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে একত্ৰিত হৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

তিনিচুকীয়াৰ দল-সংগঠনবোৰে প্ৰথমতে প্ৰতিষ্ঠানখনৰ গৰাকীক ভুলৰ ক্ষমা বিচাৰিবলৈ আধা ঘণ্টা সময় দিছিল যদিও ক্ষমা নোখোজাত দল-সংগঠনৰ বিষয়ববীয়াসকলে প্ৰতিষ্ঠানখনত উপস্থিত হৈ তিনিচুকীয়া আৰক্ষীৰ উপস্থিতিত গুপ্তা মটৰ্চত তলা লগাই দিয়ে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পাছতে প্ৰতিষ্ঠানখনৰ গৰাকীক ক্ষমা খুজিবলৈ 24 ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিয়ে সংগঠনকেইটাই ৷ 24 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নিবিচাৰে তেন্তে যিকোনো কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সকীয়নি প্ৰদান কৰে স্থানীয় 14 টাকৈ দল-সংগঠনে ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে শিৱসাগৰৰ বাবুপট্টিত যোৱা 13 আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বহিৰাগত বণিয়াই প্ৰহাৰ কৰিছিল ৷ বহিৰাগত বণিয়াৰ প্ৰহাৰত শাৰীৰিক আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল 18 বছৰীয়া অসমীয়া পাঞ্জা খেলুৱৈগৰাকী ৷ দলবদ্ধ আক্ৰমণৰ ফলত মূৰ আৰু পেটত গুৰুতভাৱে আঘাত পাইছিল খেলুৱৈগৰাকীয়ে ৷

ইয়াৰ পাচতে প্ৰতিবাদমুখৰ হৈ পৰিছিল সমগ্ৰ জিলাখন ৷

লগতে পঢ়ক:শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে - Player Attack in Sivasagar

খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

উচ্ছেদৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Coal India

ABOUT THE AUTHOR

...view details