আমগুৰি, ১৮ মে’ :"ঘৰে ঘৰে নল, ঘৰে ঘৰে জল"- এই বাণীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল জল জীৱন মিছন আঁচনি । সমান্তৰালভাৱে ৰাজ্যৰ চুকে-কোণে তীব্ৰ গতিত চলিল এই আঁচনিৰ কাম । ৰাজ্যৰ প্ৰায় প্ৰতিঘৰ লোকৰ চোতালে চোতালে জল জীৱন আঁচনিৰ নল স্থাপন কৰা হ'ল বুলি ভাষণত উল্লেখ কৰিলে মন্ত্ৰী-বিধায়কে । পিছে প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনি ? সেয়া সময়ে সময়ে পোহৰলৈ আহিছে ।
এইবাৰৰ স্থান শিৱসাগৰৰ আমগুৰি । শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰসহনত পৰিণত হৈছে জল জীৱন মিছন । আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বৰাহীবাৰীত জল জীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । জল জীৱন মিচন আঁচনিৰ নল আছে কিন্তু নাই বিশুদ্ধ জল । বৰাহীবাৰী গায়ন গাঁৱৰ শতাধিক পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ নামত হাহাকাৰ কৰিবলগীয়া হৈছে ।
জল জীৱন মিছনৰ পাইপেৰে অহা পানী গাঁত খান্দি সংগ্ৰহ কৰিবলগীয়া হৈছে ৪০ টা পৰিয়ালে বসবাস কৰা গাঁওখনৰ ৰাইজে । বৰাহীবাৰীস্থিত তুৰিমাঝি পানী যোগান আঁচনিৰ অন্তৰ্গত এই পৰিয়ালসমূহে নিশা ১০/১২ বজা পৰ্যন্ত পানী সংগ্ৰহ কৰিব লগা হয় । যি সময়ত ঘৰে ঘৰে নল আৰু ঘৰে ঘৰে জল আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে এনেবোৰ দৃশ্যই আঁচনিখনৰ বিপৰীত ছবি দাঙি ধৰিছে ।
উল্লেখ্য যে, জাঁজীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী বিষয়াৰ চূড়ান্ত হেমাহিৰ বাবে বৃহত্তৰ বৰাহীবাৰী অঞ্চলৰ বহুকেইখন গাঁও বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে । অঞ্চলটোৰ জনসাধাৰণক উপকৃত কৰিবৰ কাৰণে তুৰিমাঝি পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও দায়িত্ব লাভ কৰা ঠিকাদাৰৰ হেমাহিৰ কাৰণে আঁচনিখন বুমেৰাঙত পৰিণত হ'ল ।