চিৰাং, ১৭ ছেপ্টেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কেইদিনমান পূৰ্বে এক সংবাদমেলত উল্লেখ কৰিছিল যে ২০১৬ চনৰ পৰা অসমে PMAY-G-ৰ অধীনত ২২,২৩,৪৩৫ টা পকীঘৰ লাভৰ লক্ষ্য ৰাখিছে । ইতিমধ্যে ইয়াৰে ভিতৰত অসমে ২১,২২,৭৭২ টা ঘৰৰ অনুমোদন লাভ কৰিছে । ইয়াৰে ভিতৰত ১৯,১৭,৪৪১ টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে ।
অসমে বিগত তিনি বছৰৰ ভিতৰত ১৫,১৩,১৩৩ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে । ইমানবোৰ গৃহ সম্পূৰ্ণ কৰিছে বুলি বিভাগীয় মন্ত্ৰীয়ে দাবী কৰাৰ সময়তেই ৰাজ্য়ৰ বহু ঠাইত PMAY ৰ ঘৰ অসম্পূৰ্ণ হৈ আছে । বিটিআৰত এই ছবিখন স্পষ্ট ৰূপত ফুটি উঠিছে ।
- অসাৰ প্ৰমোদ বড়োৰ দুৰ্নীতিমুক্ত বিটিআৰ
বিটিআৰৰ মুখ্য় কৰ্যবাহী সদস্য় প্ৰমোদ বড়োই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মুক্ত বিটিআৰ গঠন কৰাৰ দাবী কৰি অহাৰ সময়তেই ভিচিডিচি সভাপতি আৰু সদস্য়ৰ নেতৃত্বতেই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । চিৰাং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে ভিচিডিচিসমূহ । এই অভিযোগ একাংশ হিতাধিকাৰীৰ ।
জিলাখনৰ ভূটান সীমান্তৰ আশ্ৰাবাৰী ভিচিডিচিৰ পূব গোলাঝাৰ গাঁৱত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য । জিলাখনৰ আন ভিচিডিচিসমূহতো একে ধৰণৰ দুৰ্নীতি হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে । যোৱা তিনিবছৰে এই গাঁওখনৰ ৩০-৩৫ টা ঘৰ অৰ্ধনিৰ্মিত অৱস্থাতেই আছে ।
হিতাধিকাৰীসকলে অভিযোগ কৰা মতে, আশ্ৰাবাৰী ভিচিডিচিৰ সভাপতি উদয় বৰগয়াৰী আৰু পূব গোলাঝাৰ গাঁৱৰ ভিচিডিচি সদস্য ছেবাষ্টিন ছোৰেনে সংঘটিত কৰিছে এই দুৰ্নীতি।
- বেংক একাউন্টৰ পৰা কৌশলেৰে উলিয়ালে ধন