অসম

assam

ETV Bharat / state

কেৱল বৰপেটা আৰু বৰদোৱা সত্ৰ সুৰক্ষিত হ'লেই নহ'ব : পলাশ চাংমাই - Land Law Amendment Bill

Land Law Amendment Bill : নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন । অসম বিধানসভাত গৃহীত নতুন ভূমি আইনক সমৰ্থন অধিৱেশনৰ প্ৰতিনিধি সভাত । গৃহীত ভূমি আইনত মাজুলী বাদ পৰাত ক্ষোভ প্ৰকাশ । খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ দাবী ।

AJYCP President Palash Sangmai react over land law amendment bill in Nagaon
নতুন ভূমি আইনক সমৰ্থন AJYCP ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 8:29 AM IST

নগাঁও, ১ ছেপ্টেম্বৰ:অসম বিধানসভাত গৃহীত হোৱা নতুন ভূমি আইনক সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । নগাঁৱত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ প্ৰতিনিধি সভাত সমৰ্থন কৰা হয় বিধানসভাত গৃহীত নতুন ভূমি আইনখনক ।

নতুন ভূমি আইনক সমৰ্থন AJYCP ৰ (ETV Bharat Assam)

বটদ্ৰৱা আৰু বৰপেটা সত্ৰৰ পাঁচ কিলোমিটাৰ এলেকাৰ ভিতৰত কোনো অখিলঞ্জীয়া লোকে ভূমি ক্ৰয় কৰিব নোৱাৰাৰ ব্যৱস্থা কৰি গৃহীত কৰা নতুন ভূমি আইনক সমৰ্থন কৰিলেও নতুন আইনখনৰ পৰা মাজুলী বাদ পৰাত অসন্তুষ্টি প্ৰকাশ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে । শুকুৰবাৰৰ পৰা নগাঁও জিলা পুথিভঁৰালত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ভূমি আইনখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ।

ইফালে শনিবাৰে দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । যত সমাৱেশ ঘটিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি সহস্ৰাধিক AJYCPৰ নেতা-কৰ্মী তথা সদস্যৰ । অসমৰ প্ৰায় সংখ্যক জাতি-জনজাতিৰ কলা-সংস্কৃতিৰ সমাহাৰেৰে বৰ্ণিল পৰিৱেশৰ সূচনা হ'ল শোভাযাত্ৰাত । শোভাযাত্ৰাটিৰ আঁতধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইসহ সম্পাদক ৰাতুল বৰগোঁহাই, জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা, কৃষ্ণমণি নাথ, ভ্ৰাণ্টি মেধি আৰু জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই ।

ইপিনে, মহাপুৰুষ গুৰুজনাৰ জন্মভূমি নগাঁৱৰ পৰা অসমীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ পণলৈ শোভাযাত্ৰাৰ মাধ্যমেৰে অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিলে সভাপতি পলাশ চাংমায়ে। শেহতীয়া ভূমি আইনখনৰ দৰে পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ থলুৱা অসমীয়া ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ এখন আইন প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনায় সভাপতি পলাশ চাংমায়ে ।

ভৱিষ্যতে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব পৰা আইন প্ৰণয়নৰো পোষকতা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে । উল্লেখ্য যে, শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ আজি অৰ্থাৎ দেওবাৰে সামৰণি পৰিব ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ মাটি ক্ৰয়ৰ ধনৰ উৎস কি ? প্ৰশ্ন ৰাইজৰ দলৰ - Land Law Amendment Bill

মানুহক কন্ঠৰুদ্ধ কৰিবলৈ বিজেপি চৰকাৰে চেষ্টা কৰিছে : অভিযোগ বিৰোধী ঐক্য মঞ্চৰ - AJP LEADER LURINJYOTI GOGOI

ABOUT THE AUTHOR

...view details