অসম

assam

ETV Bharat / state

ৰাজ্য-কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ পুনৰীক্ষণৰ আবেদন কৰিবলৈ আছুৰ আহ্বান - Assam Accord Implementation - ASSAM ACCORD IMPLEMENTATION

Biplab Sarma Committee : বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীৰ দাবীত অটল আছু । চৰকাৰ-আছুৰ আলোচনাই বিজেপিক ৰাজনৈতিকভাৱে সহায় কৰাৰ বাদে একো নহয় বুলি বিৰোধীয়ে কৰা সমালোচনাক নস্য়াৎ আছুৰ ।

Biplab Sarma Committee
ৰাজ্য-কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ পুনৰীক্ষণৰ আবেদন কৰিবলৈ আছুৰ আহ্বান (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 30, 2024, 8:12 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ:সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ প্ৰয়োজন আছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰি আকৌ প্ৰাসংগিক কৰি তুলিছে 'এন আৰ চি'ক ৷ এই প্ৰসংগত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই উচ্চতম ন্যায়ালয়ত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এন আৰ চিৰ পুনৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে ৷

এই প্ৰসংগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই কয়," আছু আৰু এ পি ডব্লিউৱে এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছো । এতিয়া অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ কাৰণে আবেদন কৰক ৷” সোমবাৰে গুৱাহাটীত আয়োজিত আছুৰ এক বিশেষ বৈঠকৰ পিছত এইদৰে আহ্বান জনাই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

ৰাজ্য-কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ পুনৰীক্ষণৰ আবেদন কৰিবলৈ আছুৰ আহ্বান (ETV Bharat Assam)

অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰসংগত মুখ্যমন্ত্ৰীৰে হোৱা দ্বি-পাক্ষিক বৈঠকৰ পাছত ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া । তাৰ মাজতেই সোমবাৰে এই প্ৰসংগত আছুৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই কাৰ্যনিৰ্বাহক বৈঠকখন সমাপ্ত হোৱাৰ পিছতেই মন্তব্য আগবঢ়াইছে আছু নেতৃত্বই ।

আগতে কংগ্ৰেছক সহায় কৰা বুলি কৈছিল :

চৰকাৰ-আছুৰ আলোচনাই বিজেপিক ৰাজনৈতিকভাৱে সহায় কৰাৰ বাদে একো নহয় বুলি বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়," আগতে কংগ্ৰেছক সহায় কৰা বুলি কৈছিল, এতিয়া বিজেপিক সহায় কৰা বুলি কৈছে ৷ কাৰ কি সহায় হৈছে সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।"

তেওঁ সাংবিধানিক ৰক্ষাকৱচ দাবী কৰি কয়,“সাংবিধানিক ৰক্ষাকৱচ আমাক লাগে ৷ বিপ্লৱ শৰ্মা আয়োগ প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব । শেষৰটো পৰামৰ্শ কাৰ্যকৰী নোহোৱালৈ আমি লাগি থাকিম । ফলাফল নোপোৱালৈকে আমি আশ্বস্ত নহওঁ । সংবিধান সংশোধন কৰি হ’লেও অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিব লাগিব । অসম চুক্তিৰ ৰূপায়ণৰ বাবে চুক্তি হোৱাৰ দিনাৰ পৰা লাগি আছে আছু ।”

“মনমোহন সিঙৰ সৈতে আলোচনা হ’ব বুলি কোৱাৰ সময়ত কংগ্ৰেছৰ দিনত প্ৰতিবাদ বন্ধ হৈছিল, তেতিয়াও কংগ্ৰেছক সহায় কৰা বুলি কৈছিল । এতিয়া বিজেপিক সহায় কৰা বুলি কৈছে ৷ কাৰ কি সহায় হৈছে সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় । ৰাজপথৰ আন্দোলনৰ সমাপণ আলোচনাৰ টেবুলত হয় । আলোচনাৰ বাবে আছু সদায় যাব। ” এইদৰে মন্তব্য কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে আলোচনাত সমাধান নহ’লে আকৌ ৰাজপথৰ আন্দোলন আৰম্ভ হ’ব বুলিও সকীয়াই দিয়ে ।

কাৰ কি ৰাজনৈতিক লাভ হৈছে সেয়া ছাত্ৰ সন্থাৰ চিন্তাৰ বিষয় নহয় :

৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ ৰাজ্য চৰকাৰ আৰু আছুৰ বৈঠকে বিজেপিকহে ৰাজনৈতিক মুনাফা দিব বুলি অভিযোগ উঠি অহাৰ মাজতে আছুৰ সভাপতি উৎপল শৰ্মাই ৬ নং দফা কাৰ্যকৰীকৰণ প্ৰসংগত কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । আছুৰ সভাপতি উৎপল শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"কাৰ কি ৰাজনৈতিক কি লাভ হৈছে সেয়া ছাত্ৰ সন্থাৰ বাবে চিন্তাৰ বিষয় নহয় ।” আছুৰ সভাপতিগৰাকীয়ে পুনৰ কয়,“ চাৰিটা দশক আছুৱে আন্দোলন কৰি আহিছে ৷ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী হোৱাটো বিচাৰে সদৌ অসম ছাত্ৰ সন্থাই । এটা দফাও কাৰ্যকৰী কৰিব খুজিলে আমি আদৰণি জনাম । অসমীয়াক সকলোৱে প্ৰতাৰণাই কৰিছে ৷ বিগত সময়ছোৱাত প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই ক্ষমতাত আছিল । কিন্তু ছাত্ৰ সন্থাই আন্দোলন কৰি থাকিবলগীয়াই হৈ আছে, কোনো এতিয়াও আশ্বস্ত হোৱা নাই । "

আছুৰ সভাপতিগৰাকীয়ে কয়- "এতিয়া আমাক ফলাফল লাগে । বহুত নিৰ্বাচন পাৰ হৈ গ’ল ৷ এতিয়া ২০২৬ত বা ২৭ত বা ২৮ ত হ'লেও লাগে । কাৰ কি ৰাজনৈতিক লাভ হৈছে সেয়া ছাত্ৰ সন্থাৰ বাবে চিন্তাৰ বিষয় নহয় । আমাৰ কথা চুক্তি ৰূপায়ন হ’ব লাগে ।''

উল্লেখ্য় যে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ বাবে গঠিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাৰ পিছত আজি আছুৰ কাৰ্যনিৰ্বাহক বৈঠকত ভৱিষ্যৎ কৰ্মসূচী নিৰূপণ সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে পঢ়ক:ছয় নং দফা ৰূপায়ণ : আছুৰে বৈঠকৰ অন্তত মুখ্যমন্ত্রীৰ সংবাদমেল LIVE - Assam Accord Implementation

সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ - Assam CM on NRC

ABOUT THE AUTHOR

...view details