অসম

assam

ETV Bharat / state

অসমৰ দৰে ৰাজ্যৰ বান সমস্যা সমাধানৰ ক্ষমতা নাই: ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - ASSAM FLOOD 2024

Flood in Assam : দেওবাৰে হাতীমূৰা বান্ধৰ ভগ্ন মথাউৰিৰ স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক কঠোৰ সমালোচনা কৰি ভুক্তভোগীক উচিত ক্ষতিপূৰণৰ দাবী তোলে আছুৰ উপদেষ্টাগৰাকীয়ে ৷

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:56 PM IST

ASSAM FLOOD 2024
কলিয়াবৰত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)

কলিয়াবৰ, 7 জুলাই:নগাঁৱত আছুৰ দ্বাৰা অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হয় কলিয়াবৰত ৷ আছুনেতাগৰাকীয়ে হাতীমূৰা বান্ধৰ ভগ্ন মথাউৰিৰ স্থানত উপস্থিত হৈ বুজ লয় শেহতীয়া পৰিস্থিতিৰ ৷

হাতীমূৰা বান্ধৰ ভগ্ন মথাউৰি পৰিদৰ্শন আছুৰ উপদেষ্টাৰ (ETV Bharat Assam)

মূলতঃ এই হাতীমূৰা বান্ধ ভঙাৰ ফলতে প্লাৱিত হৈছিল কলিয়াবৰৰ বৃহত্তৰ এলেকা ৷ সমান্তৰালকৈ বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যি মন্তব্য প্ৰকাশ কৰিছে, তাক লৈও কঠোৰ সমালোচনা কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক:হাতীমূৰাৰ মথাউৰি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি ক'লে ? - Assam Flood 2024

উল্লেখ্য যে, অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি লাভ নাই, ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব ৷ সমস্যা ঘোষণা কৰিলে কাৰোৰে পৰা একো নাপাব ৷ বান ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত হ’লে বিদেশৰ মানুহ অসমলৈ নহা হ’ব বুলিও শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতি সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক:অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰিলে বিদেশী পৰ্যটক নহা হ’ব : মুখ্যমন্ত্ৰীৰ মন্তব্য - Assam flood 2024

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে, অসমৰ দৰে দুৰ্বল আন্তঃগাথঁনিৰ এখন ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ বা প্ৰতিৰোধ কৰিবলৈ কোনো সামৰ্থ নাই ৷ সেয়ে এই সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷

সমান্তৰালকৈ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে কৰা গাফিলতিৰ বাবে সৃষ্টি হোৱা বানত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্য দিবলৈও চৰকাৰক দাবী জনাই ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ৷ এই সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে, কলিয়াবৰৰ বান আন ঠাইৰ দৰে প্ৰাকৃতিকভাৱে হোৱা সমস্যা নহয় ৷ ই বিভাগীয় গাফিলতি আৰু ঠিকাদাৰী গোষ্ঠীৰ বাবে হোৱা সমস্যা ৷ সেয়ে চৰকাৰে বান সাহায্যৰ লগতে বিশেষ ক্ষতিপূৰণৰ ব্যৱস্থাও কৰিব লাগে ৷

লগতে পঢ়ক:অসমত যেন বিশেষ একোৱেই হোৱা নাই ! বানৰ সন্দৰ্ভত অমিত শ্বাহৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া - Assam flood 2024

আনহাতে, অসমৰ বান নিয়ন্ত্ৰণৰ বাবে যিবোৰ কাম থাকে, সেই কামবোৰ খৰালি নকৰি বাৰিষালৈ পেলাই থোৱাৰ সন্দৰ্ভতো আছুৰ উপদেষ্টাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷ এইক্ষেত্ৰত এটা বিশেষ চক্ৰই সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে বুলিও অভিযোগ উত্থাপন কৰে ড৹ ভট্টাচাৰ্যই ৷ এই চক্ৰটোৱে মানুহৰ জীৱনক লৈ হেতালি খেলি আছে ৷ এনেধৰণৰ কাণ্ডত জড়িত বিষয়া-ঠিকাদাৰসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, নিদিয়াৰ বাবেই এই চক্ৰটোৱে সাহ পাই আছে বুলিও আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত মত ব্যক্ত কৰে ৷

লগতে পঢ়ক:১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024

ABOUT THE AUTHOR

...view details