অসম

assam

ETV Bharat / state

গাংমৌথানৰে কি সম্পৰ্ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ

Sankardev Janmotsav: ঐতিহ্যমণ্ডিত গাংমৌথানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ তম জন্মজয়ন্তী উদযাপন । নাম-প্ৰসংগৰ লগতে বৰগীত, সত্ৰীয়া নৃত্য পৰিৱেশন ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:26 PM IST

576th birth anniversary of Sankardeva observed at heritage Gangmauthan
গাংমৌথানত শংকৰদেৱৰ ৫৭৬ তম জন্ম জয়ন্তী পালন (ETV Bharat Assam)

বিশ্বনাথ ১৩ অক্টোবৰ:একশৰণ নামধৰ্মৰ মহান আদৰ্শৰে বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত ব্ৰতী হোৱা গুৰুজনাৰ অন্যতম ধৰ্ম প্ৰচাৰৰ স্থান গাংমৌথান । কথা গুৰুচৰিতত উল্লেখ কৰা অনুসৰি প্ৰায় ১৫১৬ খ্ৰীষ্টাব্দত এই গাংমৌথানত আহি উপস্থিত হৈছিল গুৰুজনা । প্ৰায় সাত বছৰ ছয়মাহ সময় এই স্থানতে থাকি গুৰুজনাই বিভিন্ন সম্প্ৰদায়ৰ যেনে নেপালী, কলিতা, কৈৱৰ্ত ইত্যাদি লোকক সামৰি বৃহত্তৰ অসমীয়া জাতিৰ মাজত নাম ধৰ্মৰ বাণী মুখৰিত কৰে ।

তথ্য অনুসৰি গুৰুজনাই কেইবাটাও বৰগীত এই ঠাইতে ৰচনা কৰিছিল । তাৰে ভিতৰত 'পাৱে পৰি হৰি' অন্যতম । এই স্থানতে তেওঁ পদুম পুখুৰীৰ পাৰতে স্থাপন কৰিছিল ঐতিহ্যমণ্ডিত গাংমৌথানৰ । কালক্ৰমত, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত অৱস্থিত এই থান ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ যায় । পিচলৈ প্ৰায় ১৯২৬ চনত স্থানীয় ভক্তপ্ৰাণ ৰাইজে বৰ্তমানস্থিত গাংমৌথানৰ পুনৰ স্থাপন কৰে । এই ঐতিহাসিক থানত আজি ভক্তপ্ৰাণ ৰাইজে গুৰুজনাক স্মৰণ কৰি উলহ-মালহৰে উদযাপন কৰে জন্মজয়ন্তী । নাম-প্ৰসংগৰ লগতে সত্ৰীয়া নৃত্য আৰু বৰগীতেৰে ভক্তসকলে গুৰুজনাৰ আদৰ্শক জীপাল কৰি তোলে ।

গাংমৌথানত শংকৰদেৱৰ ৫৭৬ তম জন্ম জয়ন্তী পালন (ETV Bharat Assam)

উল্লেখ্য যে উত্তৰ অসমৰ অন্যতম এই গাংমৌথানতে তেওঁ দুটাকৈ সন্তান জন্ম হৈছিল বুলি মুখে মুখে প্ৰচলিত আছে । লগতে দেখা পোৱা যায় যে গুৰুজনাই নিজ হাতেৰে লিখা সাঁচিপতীয়া ধৰ্মপুথিৰ কিছু এই থানত বৰ্তমান সংৰক্ষিত হৈ আছে । ইফালে তেওঁ খন্দোৱা পদুম পুখুৰীটো অসম চৰকাৰৰ দ্বাৰা সংৰক্ষণ ব্যৱস্থা কৰা হৈছে । তাৰ লগতে দূৰ দূৰণিৰ ভক্তৰ সুবিধা হোৱাকৈ এটা আৱাসিক গৃহ অসম চৰকাৰৰ নেতৃত্বত নিৰ্মিত হৈছে ।

ইফালে খহনীয়া কবলত পৰা গাংমৌথানখন শেহতীয়াকৈ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাও কৰিছে অসম চৰকাৰে । কিন্তু উপযুক্ত আন্তগাঁথনি আৰু প্ৰচাৰৰ অভাৱত ঠাইখন আন আন সত্ৰৰ দৰে জিলিকিবলৈ সক্ষম হোৱা নাই । স্থানীয় বিভিন্ন জনগোষ্ঠীৰ ভক্তপ্ৰাণ ৰাইজৰ অহৰহ প্ৰচেষ্টাত বৰ্তমান কিছু প্ৰাণ পাই উঠা দেখা গৈছে থানখন ।

লগতে পঢ়ক:হৰিনামৰ ধ্বনিৰে মুখৰিত জোনাই-হোজাই

গুৰুজনাৰ জন্মোৎসৱত একতাৰ বাণী

ABOUT THE AUTHOR

...view details