প্ৰয়াগৰাজ :১৩ ফেব্ৰুৱাৰী, অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাৰ ২৬ ফেব্ৰুৱাৰীত অন্ত পৰিব ৷ চলিত মাহৰ শেষৰ ফালে ইয়ালৈ সমৱেশ ঘটিব আমেৰিকা আৰু ইউৰোপৰ পৰা অহা পণ্ডিতসকলৰ ৷ লগতে তেওঁলোকে অধ্যয়ন কৰিব হিন্দু ধৰ্মৰ প্ৰকৃত সাৰমৰ্ম ৷
এই পৰ্যন্ত ১২ জন পণ্ডিত, ইয়াৰে অধিকাংশই আমেৰিকা আৰু ইউৰোপৰ পৰা অহা, তেওঁলোকে নিশ্চিত কৰিছে যে ২৫ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ তিনিদিনীয়া বৈঠকত অংশগ্ৰহণ কৰি মহাকুম্ভৰ ইতিহাস আৰু সাৰমৰ্ম অধ্যয়ন কৰিব । তেওঁলোক সকলোৱে ছ’চাইটি অৱ পিলগ্ৰিমেজ ষ্টাডিজৰ সদস্য (Society of Pilgrimage Studies)।
ছ’চাইটিৰ সাধাৰণ সম্পাদক বি পি ডুবেই ইটিভি ভাৰতৰ আগত কয়, ‘‘ছ’চাইটি অৱ পিলগ্ৰিমেজ ষ্টাডিজ হৈছে পণ্ডিতৰ এক সমাজ, যিয়ে তীৰ্থযাত্ৰা পৰম্পৰা আৰু সকলো ধৰ্মৰ পবিত্ৰ স্থানত কাম কৰে ৷ সাধাৰণতে এই পণ্ডিতসকল আমেৰিকা, কানাডা, ইউৰোপ আৰু কিছু কিছু চীনৰ পৰা অহা লোকো এই সমাজৰ সদস্য হৈ হয় ।"
ডুবেই লগতে কয় যে সেই অঞ্চলত বহুতো মন্দিৰ আছে যদিও দক্ষিণ-পূব এছিয়াৰ পণ্ডিতসকল পবিত্ৰ স্থানৰ প্ৰতি আগ্ৰহী নহয় ৷ তেওঁ কয়, "ছ'চাইটিৰ বেছিভাগ পণ্ডিতেই সনাতন ধৰ্ম অধ্যয়নৰ প্ৰতি আগ্ৰহী । পবিত্ৰ স্থান অধ্যয়নৰ ক্ষেত্ৰত আমাৰ বিভিন্ন দিশ আছে ।”
এলাহাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডুবেয়ে কয় যে ভাৰতৰ পৰম্পৰা অতি শক্তিশালী, কিন্তু ইয়াৰে অধিকাংশই শাস্ত্ৰীয় প্ৰমাণৰ (Shastric Evidence) দ্বাৰা সমৰ্থিত নহয় ।
শাস্ত্ৰ হৈছে সংস্কৃত ভাষাৰ এটা শব্দ যাৰ অৰ্থ সাধাৰণতে "আজ্ঞাৰ পুস্তক, নিয়ম, হাতপুথি, সংগ্ৰহ, গ্ৰন্থ ।’’ বেদাংগ নামেৰে ছখন শাস্ত্ৰ পৰিচিত । এই সহায়ক গ্ৰন্থসমূহে হিন্দু ধৰ্মৰ পবিত্ৰ শাস্ত্ৰ বেদৰ সঠিক ব্যাখ্যা আৰু প্ৰয়োগৰ বিষয়ে ব্যাখ্যা কৰে ।
ডুবেই কয়, ‘‘ভাৰতত দুটা পৰম্পৰা আছে – লোক পৰম্পৰা আৰু শাস্ত্ৰীয় পৰম্পৰা । উদাহৰণস্বৰূপে মহাকুম্ভ মেলা লওক । ইয়াৰ শাস্ত্ৰীয় প্ৰমাণ অতি কম আৰু ই লোক পৰম্পৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । কিছুমান শাস্ত্ৰীয় প্ৰমাণ পোৱা গৈছে । আমি সকলো প্ৰমাণ একে ঠাইতে পঢ়িব লাগিব ।"
এই সন্দৰ্ভত ডুবে আৰু বিষদভাৱে কয়, ‘‘প্ৰয়াগৰাজক সকলো হিন্দু পবিত্ৰ স্থানৰ ‘ৰজা’ বুলি গণ্য কৰা হয় । হিন্দু ধৰ্মৰ সকলো পবিত্ৰ স্থানৰ দূতাবাস প্ৰয়াগৰাজত আছিল । তাৰ কাৰণ হ’ল ঋকবেদত প্ৰয়াগৰাজক পবিত্ৰ স্থান বুলি উল্লেখ আছে । ঋকবেদত প্ৰয়াগৰাজৰ বাহিৰে আন কোনো হিন্দুৰ পবিত্ৰ স্থানৰ কথা উল্লেখ কৰা হোৱা নাই ।"
ডুবেই লগতে কয়, ‘‘ঋকবেদ অনুসৰি দুটা পবিত্ৰ আচাৰ (rituals) আছে । প্ৰথমটো হ’ল গংগা আৰু যমুনাৰ সংগমস্থলীত বা মহাকুম্ভ মেলা অনুষ্ঠিত হোৱা সংগম স্থলী ৷ য’ত স্নান কৰাসকলে মৃত্যুৰ পিছত স্বৰ্গ লাভ কৰে বুলি বিশ্বাস আছে । দ্বিতীয় অনুষ্ঠানটো হ’ল ধৰ্মীয় আত্মহত্যা কৰি মৃত্যু হোৱাসকলে অমৰত্ব লাভ কৰে ।