অসম

assam

ETV Bharat / bharat

অনুচ্ছেদ ৩৭০ ক লৈ উত্তাল জম্মু-কাশ্মীৰ বিধানসভা; সদনৰ ভিতৰতে বিধায়কৰ হতাহতি - JK ASSEMBLY SESSION

Article 370: অনুচ্ছেদ ৩৭০ আৰু বিশেষ মৰ্যাদা প্ৰস্তাৱক লৈ শাসকীয় পক্ষ আৰু বিৰোধী বিজেপিৰ বিধায়কৰ মাজত হতাহতি ।

JK Assembly Session
উত্তাল জম্মু-কাশ্মীৰ বিধানসভা;সদনৰ ভিতৰতে বিধায়কৰ মাজত হতাহতি (PTI)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 1:56 PM IST

শ্ৰীনগৰ : জম্মু আৰু কাশ্মীৰৰ বিধানসভা অধিবেশনৰ মাজতে হুলস্থূলীয়া পৰিৱেশ । অনুচ্ছেদ ৩৭০ আৰু বিশেষ মৰ্যাদা প্ৰস্তাৱক লৈ উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া । বিষয়টোক লৈ বিধায়কসকলৰ দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতি হোৱা দেখা যায় । পৰিস্থিতি ইমানে বেয়া হয় যে অধ্যক্ষই সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । বুধবাৰে পূৰ্বৰ দৰে ৰাজ্যৰ বিশেষ মৰ্যাদা প্ৰদানৰ বাবে জম্মু-কাশ্মীৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । বিজেপি বিধায়কসকলৰ তীব্ৰ বিৰোধিতাৰ মাজতো এই প্ৰস্তাৱ গৃহীত হৈছিল ।

জম্মু আৰু কাশ্মীৰৰ বিধানসভাত প্ৰতিবাদ

ইফালে বৃহস্পতিবাৰে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পিছতে বিজেপি নেতা তথা বিৰোধী দলৰ দলপতি সুনীল শৰ্মাই প্ৰস্তাৱটোক অবৈধ বুলি অভিহিত কৰাৰ লগে লগে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । অনুচ্ছেদ ৩৭০ আৰু ৩৫এ পুনৰুদ্ধাৰৰ দাবীৰে হাতত এখন বেনাৰ লৈ এআইপি বিধায়ক খুৰ্ছিদ শ্বেইখে সদনৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে ।

যাৰ ফলত বিজেপিৰ বিধায়কসকল ক্ষুব্ধ হৈ পৰে আৰু তেওঁলোকেও প্ৰতিবাদ আৰম্ভ কৰে । নেতাগৰাকীৰ পৰা বেনাৰখন কাঢ়ি লৈ ফালি পেলায় । প্ৰতিবাদৰ মাজতে বিজেপি বিধায়কসকলে পিডিপি, পিচি আৰু এআইপি নেতাসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । পৰিস্থিতি অৱনমিত হোৱাৰ লগে লগে অধ্যক্ষই সদন ১৫ মিনিটৰ বাবে স্থগিত ৰাখে ।

অৱশ্যে, সদন স্থগিত ৰখাৰ পাছতো বিজেপি বিধায়কসকলে প্ৰতিবাদ অব্যাহত ৰাখে । পিছত অধ্যক্ষই মাৰ্শ্বাল লগাই বিজেপি বিধায়কসকলক বিধানসভাৰ বাহিৰলৈ উলিয়াই দিয়ে ।

উল্লেখ্য যে বুধবাৰেও প্ৰস্তাৱটো গৃহীত হোৱাৰ পিছতে বিজেপি বিধায়কসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ ফলত সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । যাৰ ফলত বিধানসভাৰ কাৰ্যক্ৰমত বাধা আহিছিল । অৱশেষত, অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখিব লগা হৈছিল ।

জম্মু-কাশ্মীৰৰ উপ মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰীয়ে প্ৰস্তাৱটো উত্থাপন কৰে কৈছিল, "এই বিধানসভাই বিশেষ মৰ্যাদা আৰু সাংবিধানিক গেৰাণ্টিৰ গুৰুত্ব পুনৰ নিশ্চিত কৰে, যি জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ পৰিচয়, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষিত কৰে ।" প্ৰস্তাৱটোত কোৱা হৈছে যে বিধানসভাই ভাৰত চৰকাৰক বিশেষ মৰ্যাদা আৰু সাংবিধানিক গেৰাণ্টি পুনৰুদ্ধাৰৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ আৰু এই ব্যৱস্থাসমূহ পুনৰুদ্ধাৰৰ বাবে সাংবিধানিক প্ৰণালী নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:পূৰ্বৰ দৰে ৰাজ্যৰ বিশেষ মৰ্যাদা প্ৰদানৰ বাবে জম্মু-কাশ্মীৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ

ABOUT THE AUTHOR

...view details