নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ :আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন । প্ৰধানমন্ত্ৰীৰ ৭৪ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছা বাৰ্তা অহা দেখা গৈছে ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনায় । তেওঁ এক্সৰ এটা পোষ্টত লিখিছে, "মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, দূৰদৰ্শী নেতা আৰু মহান পুত্ৰক জন্মদিনৰ শুভেচ্ছা জনাইছো । শক্তিশালী, সমৃদ্ধ ভাৰতৰ বাবে আপোনাৰ দৃষ্টিভংগী প্ৰতিগৰাকী লোকৰ হৃদয়তে প্ৰতিধ্বনিত হয় । ভাৰতৰ উন্নয়নৰ লগতে প্ৰজন্মক অনুপ্ৰাণিত কৰা আপোনাৰ ডাইনেমিক নেতৃত্ব আৰু অটল নিষ্ঠা অব্যাহত থাকক !"
- একনাথ সিন্দেৰ শুভেচ্ছা বাৰ্তা
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মোৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা । মই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে এক অৰ্থনৈতিক মহাশক্তি হোৱাৰ দিশে আগবাঢ়িছে, মই তেওঁক ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সংকল্প পূৰণ কৰাৰ শক্তি কামনা কৰিছো । মহাৰাষ্ট্ৰই দেশখনক ৫ ট্ৰিলিয়ন অৰ্থনীতি কৰাৰ প্ৰধানমন্ত্ৰী মোদীৰ সংকল্প পূৰণ কৰিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা চলাই আছে । মই ক'ব বিচাৰো যে একবিংশ শতিকা হৈছে ভাৰতৰ শতক কাৰণ দেশৰ অধিনায়ক হৈছে প্ৰধানমন্ত্ৰী মোদী । মই তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছো ।"
বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ বিশেষ অনুৰোধ