নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল : অধিবক্তা প্ৰশান্ত ভূষণে শুকুৰবাৰে কংগ্ৰেছ দলক উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰ কৰ সন্দৰ্ভত চেম পিত্ৰোদাৰ মন্তব্য সন্দৰ্ভত মুকলিকৈ কথা পাতিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে ই কেৱল কোটিপতিৰ ওপৰত হে আৰোপ কৰা হ'ব, সাধাৰণ লোকৰ ওপৰত নহয় ।
এক্সৰ এটা পোষ্টত ভূষণে কয় যে উত্তৰাধিকাৰী কৰ সন্দৰ্ভত চেম পিত্ৰোদাৰ মন্তব্যৰ ওপৰত কংগ্ৰেছ দলে মুকলিকৈ আলোচনা কৰিব লাগে । এই কৰ কেৱল কোটিপতিৰ ওপৰত হে আৰোপ কৰা হ'ব, সাধাৰণ লোকৰ ওপৰত নহয় । ধনখিনি উন্নয়ন আৰু পুঁজিৰ বাবে ব্যৱহাৰ কৰা হ'ব । প্ৰতিখন ধনী দেশৰ এই কৰ আছে বুলিও তেওঁ উল্লেখ কৰে ।
ইয়াৰ পূৰ্বে ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ পিত্ৰোদাই সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত সম্পদৰ পুনৰ বিতৰণৰ দিশত নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু আমেৰিকাত প্ৰচলিত উত্তৰাধিকাৰ কৰ ধাৰণাটোৰ বিষয়ে বৰ্ণনা কৰিছিল ।
তেওঁ কৈছিল, "আমেৰিকাত উত্তৰাধিকাৰী কৰ আছে । যদি এজনৰ ১০০ নিযুত আমেৰিকান ডলাৰ মূল্যৰ সম্পদ থাকে আৰু যেতিয়া তেওঁৰ মৃত্যু হয় তেন্তে তেওঁ সম্ভৱত: ৪৫ শতাংশ হে তেওঁৰ সন্তানলৈ স্থানান্তৰ কৰিব পাৰে, ৫৫ শতাংশ চৰকাৰে দখল কৰে । এইটো এক আকৰ্ষণীয় আইন । ইয়াত কোৱা হৈছে যে আপুনি আপোনাৰ প্ৰজন্মত সম্পদ উপাৰ্জন কৰিছে আৰু আপুনি এতিয়া এৰি গৈছে, আপুনি আপোনাৰ সম্পদ ৰাইজৰ বাবে এৰি দিব লাগিব ।"