অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 2 hours ago

ETV Bharat / bharat

লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী ২০২৪: ইতিহাস, তাৎপৰ্য্য আৰু ভাৰতৰ প্ৰাক্তন প্ৰধামন্ত্ৰীগৰাকীৰ বিখ্যাত উক্তিবোৰ - LAL BAHADUR SHASTRI JAYANTI 2024

Lal Bahadur Shastri Jayanti 2024: প্ৰতি বছৰে ২ অক্টোবৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জন্ম বাৰ্ষিকীক আমি লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী ৰূপে উদযাপন কৰো। ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত দেশক নেতৃত্ব দিয়া আৰু "জয় জোৱান, জয় কিষাণ" ৰ দৰে বিখ্যাত উক্তিৰ বাবে শাস্ত্ৰীৰ নাম ভাৰতবাসীৰ অন্তৰত সদায় জিলিকি আছে। ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত মহাত্মা গান্ধীৰ অহিংস নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।

Lal Bahadur Shastri
লাল বাহাদুৰ শাস্ত্ৰী (ETV Bharat)

নিউজ ডেস্ক, 2 অক্টোবৰ: ১৯০৪ চনৰ ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ মোগলশৰাইত জন্ম হয় লাল বাহাদুৰ শাস্ত্ৰীৰ । দেশবাসীৰ স্বাৰ্থত থিয় দিয়া নেতা হিচাপে পৰিচিত শাস্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত যথেষ্ট ভূমিকা লৈছিল আৰু জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

জাতীয়তাবাদী আন্দোলনত তেওঁৰ অংশগ্ৰহণৰ ভিতৰত উল্লেখ্য আছিল:

  • অসহযোগ আন্দোলন (১৯২১)
  • আইন অমান্য আন্দোলন (১৯৩০)
  • ভাৰত ত্যাগ আন্দোলন (১৯৪২)

শাস্ত্ৰী ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু "জয় জোৱান, জয় কিষাণ" ৰ দৰে শ্লোগান জনপ্ৰিয় কৰাৰ বাবে সৰ্বাধিক জনাজাত। ১৯৬৬ চনত তাচখণ্ডত অদ্ভূত পৰিস্থিতিত তেওঁৰ অকাল মৃত্যু এতিয়াও তদন্তৰ বিষয় ৷

শাস্ত্ৰী জয়ন্তীক গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কৰি তোলে লাল বাহাদুৰ শাস্ত্ৰীৰ সততা, সৰলতা আৰু জাতীয়তাবাদৰ স্মৰণ আৰু উদযাপনে। বিশেষকৈ যুদ্ধকালীন সময়ত তেওঁৰ কামকাজে ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব সংৰক্ষণৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছিল। তেওঁ তেওঁৰ দুৰ্নীতিবিহীন, বিনয়ী নেতৃত্বৰ শৈলীৰ বাবে সুপৰিচিত আছিল।

তেওঁৰ প্ৰধানমন্ত্ৰিত্বকালৰ কিছু গুৰুত্বপূৰ্ণ ঘটনাক্ৰম:

শ্বেত বিপ্লৱ: তেওঁ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড গঠন কৰে আৰু অপাৰেচন ফ্লাড আৰম্ভ কৰে, যাৰ দ্বাৰা ভাৰত বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদকলৈ ৰূপান্তৰিত হয়।

১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধঃ প্ৰধানমন্ত্ৰীৰ ভূমিকাত ভৰি দিয়েই তেওঁ ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতক নেতৃত্ব দিছিল আৰু ভাৰতৰ সংহতি দৃঢ়তাৰে বজাই ৰাখি "জয় জোৱান, জয় কিষাণ" শ্লোগান প্ৰস্তুত কৰিছিল।

সেউজ বিপ্লৱ: শাস্ত্ৰীয়ে ভাৰতত খাদ্য উৎপাদন বৃদ্ধিৰ বাবে সেউজ বিপ্লৱৰ প্ৰচাৰ কৰিছিল। তেওঁ এনে নীতি প্ৰস্তুত কৰিছিল যিয়ে ভাৰতৰ সেউজ বিপ্লৱৰ ভেটি স্থাপন কৰিছিল আৰু নাগৰিকসকলক সপ্তাহত এবাৰ আহাৰ এৰাই যাবলৈ উৎসাহিত কৰিছিল।

লাল বাহাদুৰ শাস্ত্ৰীৰ উক্তি

  • "আমি ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ অন্ত পেলোৱাৰ বাবে সকলো সমৰ্থন আগবঢ়োৱাটো আমাৰ নৈতিক কৰ্তব্য বুলি গণ্য কৰিম যাতে সকলো ঠাইৰ মানুহে নিজৰ ভাগ্য গঢ়ি তুলিবলৈ মুক্ত হয়।"
  • "আমাৰ দেশৰ অনন্য কথাটো হ'ল আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, পাৰ্চী, আৰু আন সকলো ধৰ্মৰ লোক আছে। আমাৰ মন্দিৰ আৰু মছজিদ, গুৰদ্বাৰ আৰু গীৰ্জা আছে। কিন্তু আমি এই সকলোবোৰ ৰাজনীতিলৈ অনা নাই...... ভাৰত আৰু পাকিস্তানৰ মাজত এইটোৱেই পাৰ্থক্য।"
  • “প্ৰতিটো ৰাষ্ট্ৰৰ জীৱনত এনে এটা সময় আহে যেতিয়া ই ইতিহাসৰ চৌহদত থিয় হৈ কোনটো বাট বাছি ল’ব সেই সিদ্ধান্ত ল’বলগীয়া হয়। কিন্তু আমাৰ বাবে কোনো অসুবিধা বা দ্বিধাবোধৰ প্ৰয়োজন নাই, সোঁ বা বাওঁফালে চোৱাৰ প্ৰয়োজন নাই। আমাৰ পথ পোনপটীয়া আৰু স্পষ্ট – সকলোৰে বাবে স্বাধীনতা আৰু সমৃদ্ধিৰ সৈতে ঘৰতে সমাজবাদী গণতন্ত্ৰ গঢ়ি তোলা, আৰু সকলো ৰাষ্ট্ৰৰ সৈতে বিশ্ব শান্তি আৰু বন্ধুত্ব বজাই ৰখা।”
  • আনক পৰামৰ্শ দিয়া অথচ নিজে সেইবোৰ পালন কাম নকৰাৰ বাবে মনত সদায় অস্বস্তি অনুভৱ কৰি আহিছিলোঁ।
  • যদি পাকিস্তানে আমাৰ ভূখণ্ডৰ কোনো অংশ বলপূৰ্বকভাৱে সংযুক্ত কৰাৰ কোনো ধাৰণা ৰাখিছে তেন্তে তাক নতুনকৈ চিন্তা কৰা উচিত। মই স্পষ্টভাৱে ক’ব বিচাৰো যে শক্তিৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰা হ’ব আৰু আমাৰ বিৰুদ্ধে আক্ৰমণাত্মকতাক কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব।
  • যিকোনো প্ৰকাৰে অস্পৃশ্য বুলি কোৱা এজন ব্যক্তিও থাকিলে ভাৰতে লাজতে মূৰটো তল কৰি থাকিব লাগিব।
  • “হয়তো মোৰ আকাৰ সৰু আৰু জিভা কোমল হোৱাৰ বাবে মানুহে বিশ্বাস কৰিবলৈ বাধ্য যে মই বৰ দৃঢ় নহয়। শাৰীৰিকভাৱে শক্তিশালী নহ’লেও মই ভাবো আভ্যন্তৰীণভাৱে মই ইমান দুৰ্বল নহয়।”

শাস্ত্ৰীৰ পোনপটীয়া, গ্ৰহণযোগ্য আৰু সৎ প্ৰশাসনিক দৃষ্টিভংগী এতিয়াও দক্ষ চৰকাৰৰ বাবে এক আৰ্হি। কঠিন ৰাজনৈতিক আৰু সামাজিক সিদ্ধান্ত লোৱাৰ সময়ত জীৱনৰ সকলো ক্ষেত্ৰৰ লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ তেওঁৰ সামৰ্থ্য তেওঁৰ সহানুভূতি আৰু শক্তিশালী নেতৃত্বৰ প্ৰতিফলন।

তেওঁৰ কৃতিত্বক সন্মান জনাই কেইবাটাও অনুষ্ঠান আজিৰ দিনটোতে আয়োজন কৰা হয়। তেওঁৰ নেতৃত্ব আৰু নীতিৰ ওপৰত কাৰ্যসূচী, আলোচনা আৰু বিতৰ্ক ৰাজনৈতিক সংগঠন, চৰকাৰী সংস্থা আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আয়োজন কৰা হয়। সমগ্ৰ দেশতে, তেওঁৰ মূৰ্তিবোৰ মালাৰে সজোৱা হৈছে, যিয়ে তেওঁৰ প্ৰতি মানুহৰ অটল মৰম আৰু সন্মান দৰ্শায়।

লগতে পঢ়ক:গান্ধী জয়ন্তী ২০২৪: ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতীক ৰাষ্ট্ৰপিতাক স্মৰণ - GANDHI JAYANTI 2024

Last Updated : 2 hours ago

ABOUT THE AUTHOR

...view details