অসম

assam

ETV Bharat / bharat

সুৰানীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন - CM ARVIND KEJRIWAL GETS BAIL - CM ARVIND KEJRIWAL GETS BAIL

CM Arvind Kejriwal gets bail : অৰবিন্দ কেজৰিৱাললৈ সকাহ । দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰিলে সুৰানীতি গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন । এক লাখ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰে আদালতে ।

CM Arvind Kejriwal gets bail in Delhi excise policy case
অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:01 PM IST

Updated : Jun 20, 2024, 10:15 PM IST

নেশ্যনেল ডেস্ক,২০ জুন: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে সুৰানীতিৰ গোচৰত ১ লাখ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰে । ইয়াৰ পূৰ্বে, বিয়লিৰ ভাগত যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি কৰ্তব্যৰত ন্যায়াধীশ বিন্দুৱে জামিন আবেদনৰ ওপৰত আদেশ সংৰক্ষিত ৰাখিছিল ।

শুনানিৰ সময়ত ই ডিৰ হৈ উপস্থিত থকা এ এছ জি এছ ভি ৰাজুৱে কয় যে আম আদমী পাৰ্টিয়ে গুজৰাট নিৰ্বাচনৰ সময়ত হাৱালাৰ জৰিয়তে ৪৫ কোটি টকাৰ লেনদেন কৰিছিল । তেওঁ লগতে কয় যে চানপ্ৰীত সিঙে গোৱাৰ এখন সপ্ততাৰকা হোটেলত অৰবিন্দ কেজৰিৱাল থকাৰ বাবে টকা লৈছিল । ৰাজুৱে সাগৰ পেটেলৰ বক্তব্য পঢ়ি শুনাই আদালত জনাই যে চানপ্ৰীত সিঙকে আদি কৰি তিনিজন লোকে এই ধন লাভ কৰিছিল । চানপ্ৰীত সিঙে বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল যিটো কেজৰিৱালৰ এখন সপ্ততাৰকা হোটেলত আৰু গোৱাৰ নিৰ্বাচনত থকাৰ বাবে ব্যয় কৰা হৈছিল ।

কেজৰিৱালে তেওঁৰ ফোনটো পৱিত্ৰ বুলি উল্লেখ কৰি পাছৱৰ্ড নিদিয়াত ই ডিয়ে বিনোদ চৌহানৰ ফোনটো ল'ব লগা হৈছিল । ৰাজুৱে কয় যে মানি লণ্ডাৰিং আইনৰ ধাৰা ৭০ অনুসৰি যদি আম আদমী পাৰ্টীয়ে অপৰাধ কৰিছে আৰু কেজৰিৱালে আম আদমী পাৰ্টি চলাই আছে, তেন্তে তেওঁক সেই অপৰাধৰ বাবে দোষী বুলি গণ্য কৰা হ'ব । ধাৰা ৭০ তেওঁলোকৰ বাবে প্ৰযোজ্য কাৰণ তেওঁলোকে আম আদমী পাৰ্টি চলায় ।

লগতে ৰাজুৱে কয় যে বিজয় নায়াৰৰ চৰকাৰৰ সৈতে কোনো সম্পৰ্ক নাই । সুৰানীতি প্ৰস্তুত কৰাত তেওঁৰ কোনো ভূমিকা নাছিল, কিন্তু তেওঁক মধ্যস্থতাকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল । বিজয় নায়াৰ নিঃসন্দেহে কেজৰিৱালৰ ঘনিষ্ঠ আছিল । কেজৰিৱালৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা বিক্ৰম চৌধুৰীয়ে কয় যে বিষয়টোৰ তদন্ত ২০২২ চনৰ আগষ্টত আৰম্ভ হৈছিল । জুলাই ২০২৩ লৈকে, ই ডিৰ ওচৰত কেজৰিৱালৰ বিৰুদ্ধে কিছু প্ৰমাণ আছিল, কিন্তু তেওঁলোকে ২০২৩ চনৰ অক্টোবৰত প্ৰথম চমন জাৰি কৰিছিল ।

কেজৰিৱালক চি বি আয়ে সাক্ষী হিচাপে মাতিছিল । ১২ জানুৱাৰীত, ই ডিয়ে এটা ই-মেইল প্ৰেৰণ কৰিছিল । ই-মেইলত উল্লেখ কৰা হোৱা নাছিল যে কেজৰিৱালক আম আদমী পাৰ্টিৰ আহ্বায়ক হিচাপে মাতি অনা হৈছিল । ১৬ মাৰ্চত নিৰ্বাচন ঘোষণা কৰা হয় আৰু একেদিনাই চমন জাৰি কৰা হয় । ২০ মাৰ্চত, গোচৰটো উচ্চ ন্যায়ালয়ত তালিকাভুক্ত কৰা হয় আৰু উচ্চ ন্যায়ালয়ে ই ডিক জাননী জাৰি কৰে । ২১ মাৰ্চত, উচ্চ ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে । তাৰ পিছত ২১ মাৰ্চৰ সন্ধিয়া ই ডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ।

১৯ জুনত, আদালতে কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছিল । ইয়াৰ পূৰ্বে ৫ জুনত আদালতে কেজৰিৱালৰ সাত দিনীয়া অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল । আদালতে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক কেজৰিৱালৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰয়োজনীয় পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল । ৰায় ঘোষণাৰ সময়ত, কেজৰিৱালৰ অধিবক্তাই তেওঁৰ স্বাস্থ্যৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল । তেতিয়া আদালতে কৈছিল যে যেতিয়াই আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হয় আপুনি আদালতলৈ আহিব পাৰে ।

কেজৰিৱালৰ অন্তৱৰ্তীকালীন আৰু নিয়মীয়া জামিন আবেদনৰ শুনানিৰ সময়ত আদালতে ৩০ মে'ত ই ডিক জাননী জাৰি কৰিছিল । ২৯ মে'ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ সাতদিনীয়া অন্তৱৰ্তীকালীন জামিন আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱাৰ ৰায় ইতিমধ্যে সংৰক্ষিত কৰা হৈছে ।

সেয়েহে, কেজৰিৱালৰ অন্তঃৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদনৰ মূল আবেদনৰ সৈতে কোনো সম্পৰ্ক নাই । ইয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ে তেওঁক নিয়মীয়া জামিনৰ বাবে বিচাৰ আদালতলৈ যাবলৈ অনুমতি দিয়ে । ১০ মে'ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে আৰু ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে । কেজৰিৱালে ২ জুনত আত্মসমৰ্পণ কৰিছিল ।

লগতে পঢ়ক:দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত কাৰাবন্দী কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি - Delhi liquor scam

Last Updated : Jun 20, 2024, 10:15 PM IST

ABOUT THE AUTHOR

...view details