নেশ্যনেল ডেস্ক, 23 মাৰ্চ :বিহাৰৰ চুপল আৰু মধুবনী জিলাৰ মাজত কেন্দ্ৰীয় পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ে নিৰ্মাণ কৰি থকা এখন দলং শুকুৰবাৰে ভাঙি পৰে ৷ ঘটনাত ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছেবিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৷ মৃতকৰ বাবে 10 লাখ টকা আৰু আঘাতপ্ৰাপ্ত প্ৰতিজনৰ বাবে 1 লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে সিনহাই ৷
উপ-মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "কেন্দ্রীয় চৰকাৰে শ্রমিকসকলৰ চিকিৎসাৰ সকলো প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি ঘটনা সন্দর্ভত তদন্ত কৰিবলৈ স্পষ্ট নির্দেশ দিছে ৷ মই মাত্ৰ দলংখন ভাঙি পৰাৰ পৰ্যালোচনা কৰিছো । ছেগমেণ্টটো তুলি থাকোঁতেই পৰি যোৱাৰ ফলত শ্ৰমিকসকল আহত হয়’’ ।
তেওঁ কয়, ‘‘এই দুৰ্ঘটনাত 11 জন শ্ৰমিক আহত হয় ৷ ইয়াৰে 10 জন এতিয়া বিপদমুক্ত যদিও এজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে । আঘাতপ্ৰাপ্ত আৰু মৃত শ্ৰমিকজনক ক্ষতিপূৰণ দিয়া হ'ব, মৃতকক 10 লাখ টকা আৰু আহত শ্ৰমিকসকলক 1 লাখকৈ টকা প্ৰদান কৰা হ’ব । পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে । ভাৰত চৰকাৰে শ্রমিকসকলৰ সকলো প্রয়োজনীয় চিকিৎসা কৰাৰ লগতে ন্যায্য তদন্ত কৰিবলৈও স্পষ্ট নির্দেশ দিছে’’ ৷