ETV Bharat / bharat

যৌন নিৰ্যাতনৰ অভিযোগ, দলৰ পৰা নিলম্বিত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি - Prajwal Revanna Suspension

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 2:30 PM IST

Prajwal Revanna Suspension
দলৰ পৰা নিলম্বন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি

Prajwal Revanna Suspension: শেহতীয়াকৈ কৰ্ণাটকত হাছান সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰজ্বল ৰেভানাৰ কিছুমান বিতৰ্কিত ভিডিঅ' ভাইৰেল হৈ পৰিছে । তেওঁৰ বিৰুদ্ধে মহিলাই যৌন নিৰ্যাতনৰো অভিযোগ কৰিছে । ৰাজ্য চৰকাৰে ঘটনাটো তদন্তৰ বাবে এছআইটি গঠন কৰিছে । মঙলবাৰে তেওঁ দলে নিলম্বন কৰে ।

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : অৱশেষত নিলম্বিত হ'ল বিতৰ্কিত ভিডিঅ' গোচৰৰ অভিযুক্ত সাংসদ প্ৰজ্বল ৰেভানা । ইয়াৰ পূৰ্বে জনতা দল চেকুলাৰে (জেডিএছ) কৰ্ণাটকৰ হাছান সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্বল ৰেভানাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ।

জেডিএছৰ মূল সমিতিৰ অধ্যক্ষ জি টি দেৱগৌড়াই কয় যে প্ৰজ্বল ৰেভানাৰ বিৰুদ্ধে এছআইটি তদন্তক তেওঁলোকে স্বাগতম জনাইছে । তেওঁলোকে দলৰ ৰাষ্ট্ৰীয় সভাপতিক এছআইটি তদন্ত সম্পূৰ্ণ নোহোৱালৈকে প্ৰজ্বলক দলৰ পৰা নিলম্বন কৰিবলৈ পৰামৰ্শ দিয়াৰো সিদ্ধান্ত লৈছে ।

একে সময়তে, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছ নেতা এইচ ডি কুমাৰস্বামীয়ে কয় যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সাংসদগৰাকীক নিলম্বিত কৰা হৈছে । কৰ্ণাটক চৰকাৰে গোচৰটোৰ তদন্তৰ বাবে এছআইটি গঠন কৰাৰ সময়তে দলটোৱে এনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিব পৰা মতে মঙলবাৰে হুবলিত জেডিএছৰ মূল সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । য'ত প্ৰজ্জ্বল ৰেভানাক নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হয় ।

উল্লেখ্য যে হাছান সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ এদিন পিচতে ৰেভানাৰ সৈতে জড়িত ভিডিঅ' ক্লিপবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । ইয়াৰ পিচতে এগৰাকী মহিলাই প্ৰজ্বল ৰেভানাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁৰ ওপৰত কেইবাবাৰো যৌন নিৰ্যাতন চলোৱা হৈছিল ।

ভুক্তভোগীৰ পৰিয়ালে অভিযোগ কৰা মতে প্ৰজ্বল ৰেভানাই ভিডিঅ' কলৰ জৰিয়তে দুৰ্ব্যৱহাৰ কৰিছিল আৰু মহিলাগৰাকীৰ সৈতে অশ্লীল বাৰ্তালাপো কৰিছিল । অৱশ্যে, প্ৰজ্বলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে আৰু অভিযোগ কৰিছে যে প্ৰচাৰিত ভিডিঅ'বোৰ ভুৱা ।

লগতে পঢ়ক :ভুৱা ভিভিঅ’ বনাই অপপ্ৰচাৰত লিপ্ত হৈছে কংগ্ৰেছ : অমিত শ্বাহ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.