ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ (Transport Workers Protest at Rangia) । ৰঙিয়া-দৰঙা পথৰ বাছ সেৱা বন্ধ কৰি যাত্ৰীবাহী বাছৰ কৰ্মচাৰীৰ প্ৰাপ্য অধিকাৰ আৰু আৰ্থিক সুৰক্ষাৰ বাবে শনিবাৰে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত মটৰ শ্ৰমিকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ (Motor transport Workers) । আনকি বাছৰ শ্ৰমিক-কৰ্মচাৰীসকলে লকডাউনৰ সময়ত আৰ্থিক সাহায্য নোপোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে । লগতে এগৰাকী প্ৰতিবাদী শ্ৰমিক নেতাই কলে, লকডাউনৰ সময়ত ৰঙিয়া মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ দুই শতাধিক সদস্যৰ মাজত মাত্ৰ সাতগৰাকীয়েহে সাহায্য লাভ কৰিছিল । এই লৈ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰে মটৰ শ্ৰমিকসকলে ।