শিৱসাগৰত চিলনী চোৰৰ ত্ৰাস - Burglary took place on Sivasagar
🎬 Watch Now: Feature Video

চিলনী চোৰৰ উপদ্ৰৱত আতংকিত শিৱসাগৰবাসী । এইবাৰ শিৱসাগৰ বৰপুখুৰী পাৰৰ পৰা চিলনী চোৰ ছাত্ৰৰ পৰা কাঢ়ি নিলে ম'বাইল । ৰাস্তাত ৰৈ থাকোঁতেই থপিয়াই নিলে ম'বাইল(Snatched mobile phone from stundent in Sivsagar) । ঘটনাত গুৰুতৰভাৱে আহত হয় সপ্তম শ্ৰেণীত অধ্য়য়নৰত ছাত্ৰজন(Student injured by snatch thieves) । আহত ছাত্ৰজনৰ নাম জ্যোতিষ্ময় বৰুৱা । আহত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় এখন ব্যক্তিগত চিকিৎসালয়ত । ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ । প্ৰাপ্ত তথ্য অনুসৰি এখন স্কুটিত আহিছিল চোৰটো ।