Massive fire broke out in Kalgachia: অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় চাৰি লাখ টকাৰ সম্পত্তি - সৌৰ চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ
🎬 Watch Now: Feature Video

কলগাছিয়াৰ শওপুৰত ভয়াৱহ অগ্নিকাণ্ড (Massive fire in Kalgachia)৷ অগ্নিকাণ্ডত ভস্মীভূত জাহেৰ আলী নামৰ এজন ব্যাক্তিৰ সম্পূৰ্ণ বাসগৃহ ৷ নগদ পঞ্চাশ হাজাৰ টকা, বহু আ-অলংকাৰ আৰু যাৱতীয় নথি-পত্ৰ সহ প্ৰায় চাৰি লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হয় (Property worth around 4 lakh including documents was destroyed in fire)। কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ ৷ মঙলবাৰে দুপৰীয়া হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ জুইৰ লেলিহান শিখাই আৱৰি ধৰে সম্পূৰ্ণ বাসগৃহ । সৌৰ চাকিৰ (Solar light) পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালবৰ্গৰ । উল্লেখ্য যে উক্ত ঠাইত বাট-পথ নথকাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হ’ব পৰা নাই ৷ ফলত ৰাইজৰ সহযোগিতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বিস্তৰ ক্ষতি সাধন হয় দৰিদ্ৰ পৰিয়ালটোৰ ।