ৰাজ্যৰ শিক্ষাখণ্ডৰ বাস্তৱ ছবি : জোৰা-টাপলি মাৰি চলিছে শিক্ষা ব্যৱস্থা - টেটৰ জৰিয়তে শিক্ষাখণ্ডৰ আমুল পৰিৱৰ্তন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 21, 2019, 7:48 PM IST

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বাস্তৱ ছবি ৷ ক'ৰবাত যদি উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী, আন কৰবাত আকৌ নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ আৰম্ভ হয় পাঠদান ৷ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে পাঠদান কৰাতো পুৰণি হ'ল, এইবাৰ পোহৰলৈ আহিছে ভাৰাতীয়া নকল শিক্ষকেৰে পাঠদান কৰাৰ তথ্য ৷ মুঠতে ক'বলৈ গ'লে জোৰা-টাপলি মাৰি কোনোমতে চলি থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষাখণ্ডত এইয়া যেন আমুল পৰিবৰ্তন৷ শিক্ষা ব্যৱস্থাৰ বাস্তৱ ছবি প্ৰত্যক্ষ কৰিবলৈ ই টি ভি ভাৰত অসমৰ সাংবিদকে চলোৱা অনুসন্ধানত ধৰা পৰিল বহু কেইটা গোপন সত্য ৷ কৰিমগঞ্জৰ 61 নং বাঘন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে কিন্তু নাই শিক্ষক ৷ প্ৰধান শিক্ষয়ত্ৰী বাইদেউ অহাত পলম হয় বাবে বাইদেউৱে নিয়োগ কৰা সচিবগৰাকীয়ে 9 বজাৰ আগতে খোলেহি বিদ্যালয়ৰ তলা ৷ 964 নং দক্ষিণ চাৰ্জুল বিদ্যালয়ৰ কথা অলপ সুকীয়া ৷ প্ৰধান শিক্ষকগৰাকী বিদ্যালয়লৈ নাহে, সেয়ে এগৰাকী ভাৰাতীয়া শিক্ষয়ত্ৰী নিয়োগ কৰিছে পৰিচালনা সমিতিয়ে ৷ আনহাতে, 998 নং ধিঘিৰিপাৰ প্ৰাথমিক বিদ্যালয়ত আছে মাত্ৰ এগৰাকী সহকাৰী শিক্ষক ৷ প্ৰধান শিক্ষক নাই বিদ্যালয়খনত ৷ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ আহাৰ যোগান ধৰা হয় মাহত মাত্ৰ এদিন ৷ কিয়নো মধ্যাহ্ন ভোজন প্ৰকৰণৰ বাবে নাই ৰান্ধনীগৃহ ৷ 307 নং চাৰ্জুল প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী নিয়মৰ পৰিৱৰ্তে দিনৰ 10.30 বজাৰ পৰাহে আৰম্ভ হয় শ্ৰেণীকোঠাৰ পাঠদান ৷ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা এইসমূহ অনিয়ম দৃষ্টিগোচৰ হোৱা নাই নেকি শিক্ষা বিভাগৰ ৷ টেটৰ জৰিয়তে শিক্ষাখণ্ডৰ আমুল পৰিৱৰ্তন আনিব খোজা শিক্ষামন্ত্ৰীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ ল'ব সেইয়া লক্ষণীয় হ'ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.