হাতত মম-চাকি-লেম্প লৈ প্ৰতিবাদ এখন গাঁৱৰ ৰাইজৰ - Bokakhat electricity department

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 20, 2021, 12:46 PM IST

বোকাখাত বালিজানত সোমবাৰে নিশা হাতত মম, চাকি, লেম্প লৈ গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । বোকাখাত বালিজান গাঁৱৰ লোকে যোৱা তিনিদিন ধৰি অন্ধকাৰতে নিশা কটাবলগীয়া হৈছে । গাঁওখনৰ একমাত্ৰ ট্ৰাঞ্চফৰ্মাৰটো বিকল হোৱাৰ বাবে তিনিদিন ধৰি গাঁওখনত বিদ্যুৎ যোগান ব্যাহত হৈ আছে ৷ বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাক (Atul Bora) গাঁওবাসীয়ে আবেদন জনোৱাত বিধায়কগৰাকীয়ে গাঁওবাসীক নতুন ট্ৰাঞ্চফৰ্মাৰৰ আৱন্টন দিয়ে । কিন্তু আৱন্টিত ট্ৰাঞ্চফৰ্মাৰটো গাঁওখনত স্থাপন কৰাৰ বাবে বোকাখাত বিদ্যুৎ বিভাগে (Bokakhat electricity department) গাঁওবাসীৰ পৰা ধন বিচৰাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে । বৰ্তমান সমষ্টিটোত বিদ্যুতৰ অভাৱত অনলাইল ক্লাছৰ পৰা বঞ্চিত হৈছে বহু শিক্ষাৰ্থী । ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাক বিভাগটোক সক্ৰিয় কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে বালিজান গাঁৱৰ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.