টাটা টিৰ কাৰ্যালয় স্থানান্তৰণ সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে?
🎬 Watch Now: Feature Video
অসমৰ পৰা টাটা টিৰ কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ মন্তব্য প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমৰ কোম্পানী হস্তান্তৰ নকৰিবলৈ টাটাক অনুৰোধ জনায় আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় উদ্যোগিক মন্ত্ৰী পীয়ুষ গোয়েলৰ সৈতে আলোচনা কৰে ৷ মন্ত্ৰী গোয়েলে সম্পূৰ্ণ আশ্বাস প্ৰদান কৰি কোম্পানীটো হস্তান্তৰ নকৰিবলৈ উচ্চস্তৰৰ সৈতে গুৰুত্ব সহকাৰে কথা পাতিব বুলি সাংসদ ৰামেশ্বৰ তেলীয়ে জানিবলৈ দিয়ে ৷