thumbnail

By

Published : Mar 25, 2021, 8:49 AM IST

ETV Bharat / Videos

নজৰুল হকৰ নিৰ্দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ

নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকাৰ সময়তে ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পাচত সিটো নিৰ্বাচনী হিংসাৰ ঘটনা ৷ বুধবাৰে সন্ধিয়াৰ ভাগত ধুবুৰীৰ আদাবাৰীত সংঘটিত হয় অনুৰূপ ঘটনা ৷ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা এ এছ 17 এ 8455 নম্বৰৰ গাড়ীত একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিজেপিৰ বাহনখনৰ কিছু ক্ষতিসাধন কৰাৰ লগতে এজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীয়ে ৷ জানিব পৰা মতে, আদাবাৰী অঞ্চলত এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ সময়তে বিজেপিৰ বাহন খনেৰে মাইক বজাই নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল ৷ তেনে সময়তে এ আই ইউ ডি এফৰ প্ৰাৰ্থী নজৰুল হকৰ নিৰ্দেশত একাংশ এ আই ইউ ডি এফ কৰ্মীয়ে বিজেপিৰ বাহন আৰু বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীয়ে ৷ সমগ্ৰ ঘটনা সংক্ৰান্তত ধুবুৰী আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.