Anti Drug Mission at Golaghat: গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন - গোলোঘাটতত ড্ৰাগছ জব্দ
🎬 Watch Now: Feature Video

বৃহস্পতিবাৰে নিশা গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission at Golaghat) । অভিযানত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন (Drug peddler arrested at Golaghat)। গোলাঘাটৰ শান্তিপুৰৰ ৩ নং ৰে'লগেটৰ সমীপত পাপুলি আলি নামৰ যুৱকজনৰ ঘৰত অভিযান চলাই প্ৰায় ২.২০ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । ড্ৰাগছ সেৱন কৰি থকা অৱস্থাৰ পৰাই পাপুলি আলি আৰু সমীৰ আলি ওৰফে ডিম্পু নামৰ দুজনক আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, ধৃত সমীৰ আলি ওৰফে দিম্পুৱে দীৰ্ঘদিন ধৰি গোলাঘাটত ড্ৰাগছৰ অবাধ বেহা চলাই আহিছে । পূৰ্বতেও বহুবাৰ এনে কাৰ্যত আৰক্ষীৰ জালত পৰিছিল ডিম্পু । শেহতীয়াকৈ পাপুলি আলিকো এই বেহাৰ সৈতে জড়িত কৰিছে দিম্পুৱে ।