Drugs in Sivasagar: শিৱসাগৰত ড্ৰাগছ সহ আটক এজন যুৱক - Drugs in Sivasagar
🎬 Watch Now: Feature Video

শিৱসাগৰ নগৰৰ অন্তৰ্গত জেঙনিকটীয়াত ড্ৰাগছ সহ এজন যুৱকক কৰায়ত্ত শিৱসাগৰ আৰক্ষীৰ (Youth arrested with drugs in Sivasagar)। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে ৰংঘৰ চাৰিআলিৰ ৰাজু আলি নামৰ এজন যুৱকক আটক কৰে । যুৱকজনে এটা সৰু কণ্টেইনাৰত আনিছিল ড্ৰাগছখিনি । ক'ৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে অধিক অনুসন্ধানৰ বাবে যুৱকজনক আটক কৰি সদৰ থানালৈ লৈ যায় । উল্লেখ্য যে অসম আৰক্ষীয়ে ড্ৰাগছকে ধৰি নিতাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যিমানেই সক্ৰিয় হৈছে তথাপিও ন ন প্ৰক্ৰিয়াৰে দুষ্ট চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰৱৰাহ তথা ব্যৱসায় ।
Last Updated : Feb 3, 2023, 8:24 PM IST