thumbnail

By

Published : Jul 27, 2023, 2:23 PM IST

ETV Bharat / Videos

Man-Elephant Conflict: জুই লৈ বন্যহস্তীৰে সমুখ সমৰ; হাতীৰ চোঁচাত প্ৰাণ বচাই পলায়ন গঞাৰ

গোৱালপাৰা, 27 জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰৰ স্থান গোৱালপাৰাৰ হাৰীমূৰা দহিকাটা গাঁও ৷ দহিকাটা গাঁৱৰ পথাৰত দেখা গ’ল কেবাটাও বন্যহস্তী ৷ বন্যহস্তীৰ জাকটোক জুই লৈ খেদাৰ চেষ্টা গঞাৰ ৷ কিন্তু মূহুৰ্ততে বন্যহস্তীৰ জাকটোৱে চোঁচা ল’লে গঞাৰ ফালে ৷ উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত পথাৰে পথাৰে দৌৰিলে গঞাই ৷ সমগ্ৰ দৃশ্যাংশ বন্দী হ’ল ম’বাইল কেমেৰাত ৷ মাত্ৰ 30 ছেকেণ্ডৰ হাতী-মানুহৰ সংঘাতৰ এটা ভিডিঅ’ই চিন্তিত কৰি তুলিছে এতিয়া সকলোকে ৷

এই বন্যহস্তীৰ জাকটোৱে নিদ্ৰা হৰণ কৰিছে গোৱালপাৰাৰ হাৰীমূৰা দহিকাটা গাঁওবাসীৰ ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক উক্ত অঞ্চলটোৰ পৰা শীঘ্ৰে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : Elephant menace: নগাঁও জিলাৰ সৰুপথাৰত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.