thumbnail

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:18 PM IST

ETV Bharat / Videos

উত্তৰকাশীৰ সুৰংগত আৱদ্ধ কোকৰাঝাৰৰ দুই শ্ৰমিকৰ পৰিয়ালত উৎকন্ঠা

কোকৰাঝাৰ ২৮ নৱেম্বৰ : উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত যোৱা ১৭ দিনে আৱদ্ধ  হৈ থকা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত ৰামফলবিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰ ঘৰত এক উৎকণ্ঠিত পৰিৱেশে বিৰাজ কৰিছে । উদ্ধাৰ অভিযানৰ অন্তিম মুহুৰ্তৰ প্ৰাকক্ষণত পৰিয়াল সদস্যসকলে সকলোৰে মঙ্গল কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে । সুৰংগত আৱদ্ধ হোৱা সকলো শ্ৰমিক যাতে সুকলমে উদ্ধাৰ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৰামপ্ৰসাদ নাৰ্জাৰীৰ পিতৃ উপেন নাৰ্জাৰীয়ে কয় যে যোৱা ১৭ দিনৰ প্ৰতিটো দিনতে তেওঁলোকে সকলোৰে মঙ্গল কামনাৰে প্ৰাৰ্থনা জনাই আহিছে ।  

বিগত ১৭ দিনে অনিদ্ৰা-অনাহাৰে দিন কটোৱাৰ পিছত আজিহে তেওঁলোকৰ মনবোৰ কিছু প্ৰফুল্লিত হৈছে বুলি উল্লেখ কৰে । আজি ৰামপ্ৰসাদ আৰু সঞ্জয় উদ্ধাৰ হ'ব বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই ভালেসংখ্যক লোকে ৰামপ্ৰসাদ নাৰ্জাৰীৰ বাসগৃহত ভিৰ কৰে । উদ্ধাৰ অভিযান শেষ পৰ্যায়ত থকালৈ আজি কোনোধৰণৰ অঘটন সংঘটিত নহ'লে আজিয়ে মুক্ত আকাশৰ তললৈ দুই শ্ৰমিক ক্ৰমে ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী ওলাই আহিব বুলি আশা কৰা হৈছে ।  

লগতে পঢ়ক:Uttarkashi Tunnel: উত্তৰকাশীৰ সুৰংগত আৱদ্ধ কোকৰাঝাৰৰ দুই শ্ৰমিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.