Tigress death in Kaziranga: কাজিৰঙাত মৃত বাঘিনী উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 9, 2023, 10:58 PM IST

তেজপুৰ,৯ জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত গঢ়পালত এজনী মৃত বাঘিনী উদ্ধাৰ । ষষ্ঠ সংযোজনৰ বন প্ৰাধিকাৰী খৰ্গেছ পেগুৱে জনায় । ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত এজনী প্ৰাপ্ত বয়স্ক মাইকী ঢেকীয়াপতিয়া বাঘৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে । ষষ্ঠ সংযোজনৰ অধীনত ভোজমাৰী তাপুত এসপ্তাহ পূৰ্বে প্ৰাপ্ত বয়স্ক বাঘজনীৰ মৃত্যু হোৱা বুলি বন বিভাগে জানিবলৈ দিছে ।  

ষষ্ঠ সংযোজনৰ বন প্ৰাধিকাৰীয়ে জনোৱা মতে দেওবাৰে ৰাষ্ট্ৰীয় ব্যঘ্র প্ৰকল্পৰ অধীনত এটা দলৰ নেতৃত্বত মৃত বাঘটো পৰীক্ষা কৰি আজি বিয়লি জ্বলাই দিয়ে । ষষ্ঠ সংযোজনৰ বন সংমণ্ডল নয়ন গগৈয়ে জনায় যে প্ৰায় ১০ দিন মানৰ আগত এই বাঘজনীৰ মৃত্যু হয় । ইতিমধ্যে মৃত্যুৰ কাৰণ জানিবৰ বাবে ফৰেনচিক লেবৰতৰীলৈ প্ৰেৰণ কৰা হৈছে ।  

ইয়াৰ পূৰ্বে মে' মাহত মৰা ডিফলুত এগৰাকী বাঘিনীৰ মৃত্যু হয় । বাঘিনীজনীয়ে অন্য বাঘৰ লগত সংঘৰ্ষত লিপ্ত হৈ মৃত্যু হৈছিল । তাৰ পিছতে প্ৰায় দুইমাহৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত এই বাঘিনী জনীৰ মৃত্যু হয় । 

লগতে পঢ়ক: Duplicate Potash seized : অবৈধ সাৰ কাৰখানাত ধূলা আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.