Thief detained: মোবাইল চুৰি কৰি ৰাইজৰ ৰোষত চোৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:17 PM IST

Updated : Sep 12, 2023, 7:10 PM IST

নলবাৰী, ১২ ছেপ্টেম্বৰ : নলবাৰীৰ শনিৰোডত ৰাইজৰ ৰোষত পৰিল এটা মোবাইল চোৰ। ৰাইজে চোৰটোক হাতে লোটে ধৰি উত্তম মধ্যম সোধাই । ধৃত চোৰটোক ৰছীৰে গছত বান্ধি স্থানীয় লোকে মুকালমুৱা আৰক্ষীক খবৰ দিয়ে । পিচত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ধৃত মোবাইল চোৰটোক আটক কৰি থানালৈ লৈ যায় । ধৃত চোৰটোৰ নাম ধন আলী (৩০)। ধৃত চোৰটোৰ ঘৰ হাজোৰ আধিয়াৰপাৰাত বুলি জানিবলৈ দিয়ে । 

চোৰটোৱে শনিৰোডৰ আশ্ৰফ আলী নামৰ লোকজনৰ দোকানৰ পৰা মোবাইল ফোন এটা চুৰি কৰি দৌৰিছিল । লগে লগে লোকজনে চিঞৰ বাখৰ কৰাত স্থানীয়লোকে চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । পিচত চোৰটোক তালাচী চলাওঁতে চোৰটোৰ পৰা চাৰিটাকৈ চুৰি মোবাইল ফোন উদ্ধাৰ কৰে স্থানীয় লোকে । 

পৰৱৰ্তী সময়ত স্থানীয়লোকে চোৰটোক ধৰি ৰছীৰে বান্ধি থয় । ধৃত চোৰটোৱে অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা মোবাইল ফোনকেইটা চুৰি কৰা বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: Theft incident : এক লাখ টকাৰ টায়াৰ লুটি উধাও চোৰৰ দল

Last Updated : Sep 12, 2023, 7:10 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.