Timber smuggling in assam:নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰকুপত জব্দ চোৰাং কাঠভৰ্তি বাহন - Smuggled timber in Assam
🎬 Watch Now: Feature Video


Published : Sep 16, 2023, 1:49 PM IST
চামগুৰি, ১৬ ছেপ্টেম্বৰ:ৰাজ্য়ত অব্য়াহত চোৰাং কাঠৰ বেহা । বন বিভাগে এনে চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেই নগাঁও চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে জব্দ কৰে AS 01 GC 8196 নম্বৰৰ চোৰাং কাঠভৰ্তি বাহন । যোৱা নিশা এক বজাত চালনা বনাঞ্চলিক বিষয়াৰ নিৰ্দেশ মৰ্মে নগাঁও চাপানালা খণ্ড বন বিষয়াই নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰকুপৰ পৰা চোৰাং কাঠভৰ্তি বাহন এখন জব্দ কৰিবলৈ সক্ষম হয় ।
প্ৰায় অৰ্ধ লক্ষাধিক টকা মূল্য়ৰ চোৰাং মাকৰিশাল কাঠ জব্দ কৰে চাপানালা খণ্ড বন বিষয়াই । নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰকুপৰ পৰা জব্দ কৰা হৈছে এই কাঠভৰ্তি বাহনখন । বাহনখনৰ চালক বৰ্তমান পলাতক অৱস্থাত আছে ।