Republic Day in Bongaigaon: বঙাইগাঁৱত গণৰাজ্য দিৱস পালন - Republic Day celebrated at Abhayapuri
🎬 Watch Now: Feature Video

দেশবাসীয়ে বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰে (Republic Day in Bongaigaon) । দেশৰ আন অংশৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় গণৰাজ্য দিৱস । বঙাইগাঁও জিলাৰ গান্ধী ময়দানতো ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । এই উপলক্ষে জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে জাতীয় পতাকা উত্তোলন কৰে । বঙাইগাঁও জিলাৰ আৰক্ষীৰ তৰফৰ পৰা পেৰেড প্ৰদৰ্শন কৰা হয় । পতাকা উত্তোলনৰ পিছতে উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰদান কৰি স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিঙাসত শ্বহীদসকলৰ অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব বুলি উপায়ুক্ত গৰাকীয়ে কয় ।
আনহাতে,অভয়াপুৰী গান্ধী ময়দানতো কেন্দ্ৰীয়ভাবে আয়োজন কৰা হয় গণৰাজ্য দিৱস (Republic Day celebrated at Abhayapuri)। এই অনুষ্ঠানত পতাকা উত্তোলন কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি চিমি কিৰণে (North Salmara Sub Divisional officer National Unfurl Flag)। ইয়াৰ পিছতেই তেওঁ অসম আৰক্ষী, মহিলা আৰক্ষী, এন চি চি, এন এছৰ লগতে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীৰ অভিবাদন গ্ৰহণ কৰে । গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত বঙাইগাঁও জিলাৰ বহু সংখ্যক নেতৃস্থানীয় ব্যক্তিৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে । এই উপলক্ষে জিলাখনৰ বিভিন্ন ঠাইত পুৱা দেশপ্ৰেমমূলক গীত প্ৰচাৰ কৰা হয় । তদুপৰি সামূহিক চাফাই অভিযানৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো জাতীয় পতাকা উত্তোলন কৰা হয় ৷
জিলাখনৰ বিভিন্ন ঠাইত পতাকা উত্তোলনৰ লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি এই স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইপিনে, আজি স্বৰস্বতী পূজাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ন-সাজেৰে আটকধুনীয়াকৈ সাজ পৰিধান কৰি পৰিবেশ সুন্দৰ কৰি তোলে । আনহাতে, 74 সংখ্যক গণৰাজ্য দিৱসৰ অন্যান্য অনুষ্ঠানৰ মাজতে আৰক্ষী,গৃহৰক্ষী বাহিনী, আৰক্ষী বেটেলিয়ন, এনচিচি, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্চপাষ্ট আদি প্ৰদৰ্শন কৰে ।