thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:23 PM IST

ETV Bharat / Videos

Chandrayaan 3: চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ বাবে মাজুলীৰ সত্ৰত প্ৰাৰ্থনা

মাজুলী, ২৩ আগষ্ট: আজি সন্ধিয়া চন্দ্ৰযানে অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ দেশৰ প্ৰতিজন লোক অধিক আগ্ৰহেৰে বাট চাই আছে । দেশৰ প্ৰতিজন লোকৰ আশা চন্দ্ৰযান-৩ সফলভাৱে চন্দ্ৰত অৱতৰণ কৰক । এই চন্দ্ৰযান-৩ সফলভাৱে অৱতৰণ কৰিবৰ বাবে নেদেখাজনৰ ওচৰত আশীস বিচাৰিছে বিভিন্ন জনে ।  

মাজুলীৰ ঐতিহাসিক দাক্ষিণপাত্ৰ সত্ৰ, চামগুৰি সত্ৰত চন্দ্ৰ যান-৩ সফলভাৱে অৱতৰণ কৰাৰ বাবে নেদেখা জনৰ ওচৰত চাকি জ্বলাই সকলোৱে প্ৰাৰ্থনা জনাইছে । উল্লেখযোগ্য যে চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান । পূৰ্বৰ অভিযানত চন্দ্ৰযান-২ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত বিসংগতি হোৱা বাবে অৱতৰণ বিফল হৈছিল ।

লগতে পঢ়ক:Chandrayaan 3 landing: জোৰা টাপলি মৰা সম্প্ৰচাৰৰ ব্যৱস্থাৰে কিমান গৰাকী শিক্ষাৰ্থী উপকৃত হ’ব ? 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.