Bike accident:ধেমাজিৰ তেলিজান দলঙৰ তলত পৰিল বাইকসহ আৰোহী - bike accident in dhemaji Telijaan Bridge
🎬 Watch Now: Feature Video

ধেমাজি, 16 আগষ্ট : মঙলবাৰে নিশা ধেমাজিৰ তেলিজান দলঙৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত মৃত্যু ঘটে এজন যুৱকৰ ৷ প্ৰাপ্ত খবৰ মতে, ধেমাজি নগৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ তেলিজান নদীৰ পকী দলঙৰ তলত পৰি যায় এখন য়ামাহা FZ বাইকসহ আৰোহী | বুধবাৰে পুৱা স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত হয় AS04AB6080 নম্বৰৰ বাইকখন ৷ স্থানীয় ৰাইজে জনোৱা মতে আগনিশা প্ৰায় 11 মান বজাত বহুত ডাঙৰ এটা শব্দ কাণত পৰিছিল আৰু শব্দৰ প্ৰকোপ ইমানেই ডাঙৰ আছিল যে পিছদিনা নিশ্চয়কৈ কিবা বেয়া খবৰ শুনিবলৈ পাব বুলি ভাবিছিল আৰু সেয়াই হ’ল ৷
সন্দেহ কৰা হৈছে নিশাৰ ভাগত তীব্ৰ গতিত অহাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰি যুৱকজনে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মটৰচাইকেলৰ চালকজন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ২নং হাৰমতী গাঁৱৰ কমল শইকীয়াৰ পুত্ৰ ৰিকি শইকীয়া বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতদেহৰ লগতে মটৰচাইকেলখন উদ্ধাৰ কৰিছে ৷
লগতে পঢ়ক : Road accident at Jonai: জোনাইত পথ দুৰ্ঘটনাত থিতাতে নিহত এটি কিশোৰ, আহত ১