National Nutrition Month:নলবাৰীত ৰাষ্ট্ৰীয় পোষণ মাহ পালন - National Nutrition Month
🎬 Watch Now: Feature Video


Published : Sep 5, 2023, 4:00 PM IST
নলবাৰী, ৫ ছেপ্টেম্বৰ: নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা মহিলা শিশু সুৰক্ষা সমিতিৰ সহযোগত নলবাৰী সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত মঙলবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয় । নলবাৰী জিলা ভিত্তিকভাৱে আজিৰে পৰা অনুষ্ঠিত কৰা হয় পোষণ মাহৰ শুভাৰম্ভ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শিশু আৰু মহিলা সুৰক্ষাৰ সপোন সম্বলিত কৰাৰ উদ্দেশ্যে ০-২ বছৰৰ শিশু সকলক নিৰোগী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই পোষণ মাহৰ ৷
নলবাৰী জিলা সমাজ কল্যাণ কাৰ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ কৰে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই। সুপুষ্টিকৰ ভাৰত, স্বাক্ষৰ ভাৰত আৰু শক্তিশালী ভাৰত এই তিনিটা মূল বিষয়বস্তুলৈয়েই পোষণ মাহৰ শুভাৰম্ভ কৰা হৈছে । আজিৰ এই অনুষ্ঠানত নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখযোগ্য যে ০-২ বছৰৰ ভিতৰৰ বহু শিশু পুষ্টিহীনতাত ভুগি বয়স বৃদ্ধিত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয় । ইয়াক নিৰ্মূল কৰিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এনেদৰে ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচী হাতত লৈ সচেতনতা বৃদ্ধি কৰিব ওলাইছে ।