Hojai Eviction Drive: হোজাই চহৰত চলিল পৌৰসভাৰ উচ্ছেদ অভিযান
🎬 Watch Now: Feature Video
হোজাই,5 জুলাই: বুধবাৰে হোজাই চহৰত হোজাই পৌৰসভাই চলায় উচ্ছেদ অভিযান। হোজাইৰ চহৰৰ পথৰ কাষত থকা অবৈধ বিপণীসমূহ উচ্ছেদ কৰে ৷ উচ্ছেদিত বিপণীসমূহে দীৰ্ঘদিনে চৰকাৰী ভূমি বে-দখল কৰি আছিল ৷ হোজাই-নগাঁও সংযোগী পথ, নেতাজী পইন্ট, শ্বিলং ৰোড, বাছ ষ্টেণ্ডত চলে এই উচ্ছেদ অভিযান ।
উল্লেখ্য যে দুমাহ পূৰ্বে হোজাই পৌৰসভাই জাননী দিয়াৰ পিছতো উক্ত বিপণীসমূহৰ কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাছিল ৷ ফলত বুলড’জাৰ চলাব লগীয়া হ’ল বুধবাৰে ৷ পৌৰসভাৰ কৰ্মীয়ে আৰক্ষী প্ৰশাসনক লগত লৈ এই উচ্ছেদ অভিযান চলাই । হোজাই পৌৰসভাৰ কৰ্মীৰ মতে ‘ প্ৰথমে মৌখিক ভাবে জনাইছিলো, পিচত লিখিত বাবে দিছিলো জাননী ৷ অবৈধভাৱে গঢ়লৈ উঠা বিপণীসমূহৰ বাবে যান-জঁটৰ সৃষ্টি হৈ আহিছে ৷ মানুহে পদপথেৰে খোজকাঢ়িব নোৱাৰা অৱস্থা হৈছে ৷ সেয়ে উচ্ছেদ কৰিব লগা হ’ল ৷’
লগতে পঢ়ক:Child abuse at Hojai: হোজাই কাণ্ডত সাঙোৰ খাইছে শিক্ষয়িত্ৰীৰ নাম