Fire Breakout at Jonai: শ্বৰ্ট চাৰ্কিটৰ ফলত নিমিষতে জ্বলি চাই হ’ল এটা বাসগৃহ - শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত
🎬 Watch Now: Feature Video

জোনাইৰ ২ নং চিকাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire Breakout at Jonai)৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ ২ নং চিকাৰী গাঁৱত শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত গাঁওখনৰ নিবাসী পদ্মনাথ মিলিৰ বাসগৃহত কোনো নথকা অৱস্থাত জুইৰ সূত্ৰপাত হৈ ধানৰ ভঁৰালৰ লগতে বাসগৃহটো নিমিষতে জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয় (Fire Breakout for short circuit) ৷ এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ সকলো প্ৰয়োজনীয় নথি-পত্ৰকে ধৰি ঘৰখনৰ সকলো সা-সামগ্ৰী জ্বলি ছাই হয় ৷ গাঁৱৰ ৰাইজে আপ্ৰাণ চেষ্টা চলাইছিল যদিও জুই নুমুৱাবলৈ সক্ষম নহয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত জোনাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় যদিও তেতিয়ালৈ অগ্নিকাণ্ডত সকলো ভস্মীভূত হৈ যায় ৷
Last Updated : Feb 3, 2023, 8:33 PM IST