thumbnail

By

Published : Feb 7, 2023, 2:26 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Fake gold boats seized in Guwahati: নকল সোণৰ নাৱৰ সৈতে দুই প্ৰৱঞ্চক আৰক্ষীৰ জালত

গুৱাহাটী 7ফেব্ৰুৱাৰী: সোণ-ৰূপৰ গহনাৰ প্ৰতি অসমীয়া মানুহৰ আছে এক সহজাত দুৰ্বলতা ৷ সম্প্ৰতি এই দুৰ্বলতাৰে সুযোগ ল’বলৈ আৰম্ভ কৰিছে ৰাজ্যৰ একাংশ অপৰাধীয়ে ৷ সোণ-ৰূপৰ প্ৰতি থকা দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে অসাধু চক্ৰই ৷  সেয়ে সময়ে সময়ে অসম আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈ আহিছে সোণ ৰূপৰ বহু নকল সামগ্ৰী ৷ বিভিন্ন সময়ত মহানগৰ আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নকল সোণ জব্দ কৰাৰ লগতে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে নকল সোণৰ বেহা কৰা বহুকেইটা প্ৰৱঞ্চকক (Man arrested with fake gold boat) ৷

আজি অৰ্থাৎ মংগলবাৰে মহানগৰীৰ কটাহবাৰীৰ পৰা গড়চুকৰ এই অঞ্চলটোত আৰক্ষীয়ে চলোৱা এক অভিযানত ধৰা পৰে দুজন প্ৰৱঞ্চক ৷ গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে চলাইছিল অভিযান ৷ আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় নকল সোণৰ নাও । লগতে গ্ৰেপ্তাৰ কৰে দুই নকল সোণৰ নাৱৰ সৰবৰাহকাৰীক । দুই সৰবৰাহকাৰীৰ নাম মইনুল হক আৰু নজৰুল ইছলাম বুলি জানিবলৈ পৰা গৈছে । দুই সৰবৰাহকাৰীৰ ঘৰ লক্ষিমপুৰৰ নাওবৈচাত বুলি জানিব পৰা গৈছে (Fake gold boats seized in Guwahati)। 

ইতিমধ্যে আৰক্ষীয়ে নকল সোণৰ নাৱৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বহু আপত্তিজনক সামগ্ৰী ৷ আৰক্ষীয়ে মইনুল হক আৰু নজৰুল ইছলামৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৩ লক্ষাধিক টকা আৰু দুটা মোবাইল ফোন । দুই সৰবৰাহকাৰীয়ে বিহাৰৰ জিতেন্দ্ৰ কুমাৰ আৰু বিজলি ৰায়ৰ ওচৰত বিক্ৰীৰ উদ্দেশ্য আনিছিল নকল সোণৰ নাওখন । নকল সোণৰ নাওখন বিক্ৰীৰ বাবে ৩ লক্ষাধিক টকা দাম নিৰ্ধাৰণ কৰা হৈছিল বুলি সৰবৰাহকাৰী দুটাই জেৰাত জানিবলৈ দিয়ে (Gorchuk police seize fake gold boats)।

উল্লেখ্য যে, অপৰাধৰ যেন অন্য এক ঘাটী স্বৰূপ হৈ পৰিছে গুৱাহাটী মহানগৰী । মহানগৰীত নিতৌ সংঘটিত হ’বলৈ ধৰিছে হত্যা, হিংসা, ধৰ্ষণ, নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ প্ৰৱঞ্চনাৰ ঘটনা । মহানগৰ আৰক্ষীয়ে অপৰাধজনীত ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও অপৰাধীয়ে যেন সদায় নিত্য নতুন কৌশল অৱলম্বন কৰি অপৰাধ সংঘটিত কৰিয়েই আছে । সদ্যহতে, ৰাজ্যত দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে নকল সোণৰ বেহা । 

লগতে পঢ়ক : JEE Main Results declared : ২০২৩ বৰ্ষৰ JEE মূল পৰীক্ষাৰ ফলাফল ঘোষণা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.