thumbnail

By

Published : May 27, 2023, 10:36 PM IST

ETV Bharat / Videos

Theft at Kalgachia: চাইকেল চুৰি কৰি 500 টকাৰ বিনিময়ত ৰাখিলে বন্ধকত

কলগাছিয়া,২৭ মে': কলগাছিয়াত চাইকেল চোৰৰ বিলৈ (Theft at Kalgachia) । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াত শনিবাৰে সন্ধিয়া ৬.৩০ বজাত আটক কৰা হয় এটা গভাইত চোৰক (Cycle thief arrested in Kalgachia) । চোৰটো কলগাছিয়াৰ ছানিদুল ইছলাম বুলি জানিবপৰা গৈছে । জানিব পৰা মতে আব্বাছ আলী নামৰ এজন যুৱকে কলগাছিয়াত গৈ নিজৰ চাইকেলখন ৰাখি নিজৰ কৰ্মত ব্যস্ত হৈছিল ।  

কিন্তু পুৱা ১০ বজাত ছানিদুল ইছলাম নামৰ চোৰটোৱে আব্বাছ আলীৰ পৰা চাইকেল খুজিছিল যদিও নিদিয়াত চাইকেলখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছানিদুলে । পিছ মুহুৰ্ত্বতে সন্ধিয়া ৬.৩০ বজাত ছানিদুল নামৰ চোৰটোক বিচাৰি উলিয়াই সোধা-পোছা কৰাত ৫০০ টকাৰ বিনিময়ত লোকমান বজাৰৰ শফিকুলৰ ওচৰত বন্ধকত ৰাখিছিল বুলি জানিবলৈ দিয়ে ।  

পিছে সাংবাদিকৰ প্ৰশ্নত চোৰটোৱে চুৰি কৰাৰ সমগ্র কথা অকপটে স্বীকাৰ । পিছ মুহুৰ্ত্বত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ চাইকেল চোৰ ছানিদুলক কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় । ছানিদুল ইছলাম নামৰ চোৰটোৰ বিৰুদ্ধে ইয়াৰ আগে পিছেও চুৰি কৰাৰ অভিযোগ উত্থাপন হৈ আছিল বুলি জানিবপৰা গৈছে । 

লগতে পঢ়ক: Mohit Ranjan Dewan: চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.