ছাহাৰা এজেণ্টৰ বিৰুদ্ধে গ্ৰাহকক সময়মতে জমা ধন ঘূৰাই নিদিয়াৰ গুৰুতৰ অভিযোগ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:18 AM IST

মৰাণ, 3 জানুৱাৰী : ৰাজ্যত গঢ়ি উঠা একাংশ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত ধন সঞ্চয় কৰি সৰ্বস্বান্ত হৈছে হাজাৰ হাজাৰ গ্ৰাহক। ইয়াৰ মাজতে কষ্টোপাৰ্জিত ধন ছাহাৰাত জমা থৈ মূৰে কপালে হাত দিব লগা হৈছে সাধাৰণ ৰাইজে । 

ডিব্ৰুগড় জিলা খোৱাঙৰ হালমাৰী চাহ বাগিচাত ৰাইজে আবদ্ধ কৰি আৰক্ষীক চমজালে এজন ছাহাৰা এজেণ্টক । চাপৰিৰ নেপালী গাঁ‌ৱৰ অমৃত নেৱাৰ নামৰ এজেণ্টজনে হালমাৰী চাহ বাগিচাৰ বহু গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি খোৱাঙৰ ছাহাৰৰ শাখা কাৰ্যালয়ত জমা থৈছিল যদিও সেই ধন সময় পাৰ হোৱাৰ পিচতো গ্ৰাহকক ঘূৰাই নিদিয়াৰ অভিযোগ তুলিছে গ্ৰাহকসকলে । 

লক্ষ লক্ষ টকা পাবলৈ থকা গ্ৰাহকসকলে খোৱাংস্থিত শাখা কাৰ্যালয়টোৰ সৈতে যোগাযোগ কৰিছে যদিও কাৰ্যালয়টোৰ তৰফৰ পৰা দিনৰ পিচত দিন পিছুৱাই গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে । উপায়ন্তৰ হৈ হালমাৰী চাহ বাগিচাৰ একাংশ গ্ৰাহকে মঙলবাৰে অমৃত নেৱাৰ নামৰ এজেণ্টজনক কৰায়ত্ত কৰি খোৱাং আৰক্ষীক চমজাই দিয়ে । পৰৱৰ্তী সময়ত শাখা কাৰ্যালয়টোৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব । 

লগতে পঢ়ক: মহানগৰীৰ হোটেলত IIT গুৱাহাটীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.