thumbnail

By

Published : Mar 27, 2023, 1:51 PM IST

ETV Bharat / Videos

Charak Puja in Mariani: মৰিয়নিত চড়ক পূজা উদযাপন

যোৰহাত, 27 মাৰ্চ: মৰিয়নিৰ কঠালগুৰি বাগান শিৱ মন্দিৰ প্ৰাংগনত বিভিন্ন মাংগলিক কাৰ্যসূচীৰে কৰা হয়  চড়ক পূজা ৷ পূজা উপলক্ষে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে মন্দিৰ প্ৰাংগনত ৷ ধৰ্মীয় ৰীতি-নীতিৰে, উলহ-মালহেৰে সহস্ৰাধিক ভক্তই চড়ক পূজা উদযাপন কৰা পৰিলক্ষিত হ'ল ৷ মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাত উৰিয়া সমাজে বিগত ২৭ বছৰ ধৰি আয়োজন কৰি আহিছে এই  চড়ক পূজা (Charak Puja celebrations at Mariani Jorhat)৷

প্ৰতিবছৰৰ চ’ত মাহত আয়োজিন কৰা হয়  চড়ক পূজা ৷ পূজাত অংশগ্ৰহণ কৰা লোকে একেৰাহে ১৩ দিন ধৰি বিভিন্ন মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিব লগা হয় (Charak Puja celebrations at Mariani)৷ 

কঠালগুৰি চাহ বাগিচাত আয়োজন কৰা চড়ক পূজাৰ সামৰণিৰ দিনটোত পূজাত অংশগ্ৰহণ কৰা লোক সকলে প্ৰদৰ্শন কৰা বিভিন্ন মাংগলিক কাৰ্য চাবলৈ হাজাৰ হাজাৰ লোকে ভীৰ কৰা পৰিলক্ষিত হয় ৷ জ্বলন্ত আঙঠাৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱা, লোৰ জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰি ইপাৰ সিপাৰ কৰা আদি বিভিন্ন শিহৰণকাৰী কৌশল প্ৰদৰ্শন কৰে বিভিন্নজনে ৷

লগতে পঢ়ক: Assam Governor Upper Assam visit: ঢেকীয়াখোৱা বৰনামঘৰত আশীষ ল’লে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.