thumbnail

By

Published : Nov 11, 2022, 4:23 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

AKRSU press conference : বিজনীৰ ৰজাক অপমান, গৰজি উঠিল আক্ৰাছু

বিজনীৰ HD Zone নামৰ জিম চেণ্টাৰৰ বিৰুদ্ধে গৰজি উঠিল কোচ-ৰাজবংশী ছাত্ৰ সন্থা (AKRSU slams HD Zone gym centre)। ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়ণক জিম চেণ্টাৰটোৱে চূড়ান্ত অপমান কৰাৰ অভিযোগ আক্ৰাছুৰ (Accused of insulting the king of Bijni state)। জানিব পৰা মতে HD Zone জিম চেণ্টাৰটোৱে মিষ্টাৰ বিজিত নাৰায়ণ নামেৰে এক দেহশ্ৰী প্ৰতিযোগিতা আৰু ফেশ্বন শ্ব'ৰ আয়োজন কৰিছে । ৰজা বিজিত নাৰায়ণৰ নাম এই প্ৰতিযোগিতাত উল্লেখ কৰি ৰজাৰ প্ৰতি অপমান কৰাত জাঙুৰ খাই উঠিছে বিজনী মহকুমা আক্ৰাছু । বিজনী মহকুমা আক্ৰাছুৱে প্ৰতিষ্ঠানটোক অতিশীঘ্ৰে প্ৰতিযোগিতাৰ নাম সলনি কৰিবলৈ দাবী উত্থাপন কৰিছে । বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক গোপাল ৰায় আৰু বিজনী মহকুমা আক্ৰাছুৰ সম্পাদক জগন্নাথ বৰ্মনে জিমটোৰ স্বত্বাধিকাৰীৰ এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে কোনো ৰজা-মহাৰজা, মহাপুৰুষ আদিৰ নামৰ আগত মিষ্টাৰ শব্দ উল্লেখ কৰি প্ৰতিযোগিতা নাপাতিবলৈ সকিয়াই দিয়ে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.