AASU on Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ আছু সভাপতিৰ

🎬 Watch Now: Feature Video

thumbnail
২০২২ বৰ্ষটো শেষ হ'বলৈ আৰু মাত্ৰ কেইটামান ঘন্টা বাকী থকা অৱস্থাত আগন্তুক ২০২৩ বৰ্ষত নতুন উদ্যমেৰে কাম কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই(AASU president Utpal Sarmah) ৷ শুকুৰবাৰে ধেমাজি সদৰৰ আৱৰ্ত ভৱনৰ কক্ষত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভাগ লৈ, ৰাজ্যত লোক সভা আৰু বিধান সভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত অসমত খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সৰ্বকালৰ বাবে সুৰক্ষিত হোৱাৰ লগতে মডেলিটি প্ৰস্তুতৰ সন্দৰ্ভতো আলোচনাৰ পোষকতা কৰে(AASU President react on Constituency Delimitation) ৷ লগতে কলে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(NRC), কা বিৰোধী আন্দোলন ৰাজপথৰ সমান্তৰালভাৱে আদালতত চলি আছে ৷ ২০২৩ বৰ্ষতে আদালতে ইয়াৰ ওপৰত ন্যায় দিব বুলি আশাবাদী আছু সভাপতিগৰাকী ৷ ২০২৩ বৰ্ষটোত সদৌ অসম ছাত্ৰ সন্থাই স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব দি সমগ্ৰ অসমতে এক অৰ্থনৈতিক আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ বাবে পৰিকল্পনা যুগুত কৰাৰ বিষয়েও জানিবলৈ দিয়ে উৎপল শৰ্মাই ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.