thumbnail

By

Published : Jul 10, 2023, 11:00 PM IST

ETV Bharat / Videos

Student died tragically: গুৰকুছিৰ খেতিপথাৰত হোৱা এক দুৰ্ঘটনাত এগৰাকী ছাত্ৰই কৰুণভাৱে মৃত্যুক সাৱটি লয়

ৰঙিয়া, 10 জুলাই : সোমবাৰে ৰঙিয়াৰ গুৰকুছিৰ খেতিপথাৰত হোৱা এক দুৰ্ঘটনাত এগৰাকী ছাত্ৰই কৰুণ ভাৱে মৃত্যুক সাৱটি লয় । দুৰ্ঘটনাটোত মৃত্যু হোৱা ছাত্ৰ গৰাকী হৈছে গুৰকুছিৰ ফইনুৰ আলী আৰু মাজনী চৌধুৰীৰ একমাত্ৰ পুত্ৰ মাচুক আফ্ৰিদ (১৫) । মৃত কিশোৰজন ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ।

জানিব পৰা মতে পৰিয়ালটো আৰ্থিক ভাৱে দুৰ্বল হোৱা বাবে পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ মাচুক আফ্ৰিদে মাজে সময়ে খেতিপথাৰত ট্ৰেক্টৰ চলোৱাত চালকৰ সহায়কৰ কাম কৰিছিল । সোমবাৰেও ঠিক তেনেদৰে মাচুকে ৰাতিপুৱাৰ পৰা খেতিপথাৰত ট্ৰেক্টৰ চালকৰ সহায়ক হিচাপে কাম কৰি আছিল । কিন্তু দুৰ্ভাগ্যৱশতঃ কামৰ মাজতে কিশোৰজন চলি থকা ট্ৰেক্টৰৰ পৰা পৰি পৰি যায়  আৰু ট্ৰেক্টৰখন কিশোৰ জনৰ গাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ ফলত থিতাতে কিশোৰজনৰ মৃত্যু হয় । আৰক্ষীক লগে লগে খবৰ দিয়া হয় যদিও দুৰ্ঘটনাটোৰ পিচতে পথাৰত ট্ৰেক্টৰ এৰি চালকজনে পলায়ন কৰে । ইফালে দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ।

লগতে পঢ়ক : Robbery in Rangia: ৰঙিয়া নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.