National Childrens Science Day 2022: মাজুলীত আয়োজন ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ - ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ
🎬 Watch Now: Feature Video

এইবাৰ মাজুলীত আয়োজন কৰা হয় ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ (National Childrens Science Day 2022) ৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উপলক্ষে মাজুলীৰ চামগুৰি সত্ৰৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত মাজুলীৰ ৩৪ খন চৰকাৰী বিদ্যালয় আৰু ৮ খন ব্যক্তিগত বিদ্যালয়ৰ ২১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ এই শিশু বিজ্ঞান সমাৰোহত ১০ ৰ পৰা ১৭ বছৰৰ শিক্ষাৰ্থীয়ে ১০৭ টা প্ৰকল্প প্ৰদৰ্শন আৰু উপস্থাপন কৰে ৷ প্ৰদৰ্শিত প্ৰকল্পসমূহৰ ভিতৰত বিশেষ ১১ টা প্ৰকল্পক নিৰ্বাচিত কৰি ৰাজ্যিক পৰ্যায়লৈ প্ৰেৰণ কৰা হ’ব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আয়োজক সকলে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST