ETV Bharat / sukhibhava

Oats Dishes: হঠাৎ ভোক লাগে নেকি ? ওটছৰ দ্বাৰা তৈয়াৰ কৰক এই খাদ্য, ৰুচিৰ লগতে লাভ কৰিব এনাৰ্জী - ওটছৰ পৰা তৈয়াৰী কেইবিধমান সোৱাদযুক্ত খাদ্য

বহুবাৰ এনেকুৱা হয় যে হঠাতে আমাৰ ভোক লাগে আৰু সোৱাদযুক্ত কিবা এটা খাবলৈ মন যায় । যেতিয়া আপুনি হঠাৎ ভোক অনুভৱ কৰে তেতিয়া আপুনি ওটছৰ পৰা কিছুমান বেলেগ বেলেগ খাদ্য তৈয়াৰ কৰি খাব পাৰে । ইয়াত ওটছৰ পৰা তৈয়াৰী ৰেচিপিৰ বিষয়ে জানি লওক ।

Oats Dishes
হঠাৎ ভোক লাগে নেকি ? ওটছৰ দ্বাৰা তৈয়াৰ কৰক এই খাদ্য, ৰুচিৰ লগতে লাভ কৰিব এনাৰ্জী
author img

By

Published : Aug 21, 2023, 5:08 PM IST

বহুলোকে প্ৰায়ে ব্ৰেকফাষ্টত ওটছ অন্তৰ্ভুক্ত কৰে । আন ভাষাত ওট বুলিও কোৱা হয় আৰু বহু ভাৰতীয়ই ইয়াক দেশী ষ্টাইলত খাবলৈ ভাল পায় । বিশেষকৈ ব্ৰেকফাষ্টত প্ৰায় সকলোৰে প্ৰিয় হৈ পৰিছে ওটছ । ওটছ খাবলৈ যিমান সোৱাদযুক্ত সিমানেই একেদৰেই ই শক্তিৰে পৰিপূৰ্ণ । ওটছৰ সহায়ত বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিব পাৰি ।

Oats Dishes
হঠাৎ ভোক লাগে নেকি ? ওটছৰ দ্বাৰা তৈয়াৰ কৰক এই খাদ্য, ৰুচিৰ লগতে লাভ কৰিব এনাৰ্জী

যদি আপুনি অতি ব্যস্ত আৰু খৰখেদাকৈ পেট পূৰ কৰিবলৈ কিবা এটা খাবলৈ মন গৈছে তেন্তে ওটছ হৈছে এক উত্তম বিকল্প । ইয়াক তৈয়াৰ কৰাটোও অতি সহজ আৰু ই পুষ্টিকৰ উপাদানেৰে ভৰপূৰ । কেৱল এয়াই নহয়, যদি আপুনি ৰাতিটো ওটছ তিয়াই ৰাতিপুৱা ব্ৰেকফাষ্টত খায়, তেন্তে ইয়াৰ বহুতো আচৰিত উপকাৰিতা লাভ কৰিব । অৱশ্যে কেতিয়াবা এনেকুৱাও হয় যে হঠাৎ ভোক লাগে । এনে পৰিস্থিতিত কি খাব সেয়া বুজিব পৰা নাযায় ।

গতিকে আজি আমি আপোনালোকক ক’বলৈ ওলাইছো ওটছৰ পৰা তৈয়াৰী কেইবিধমান সোৱাদযুক্ত খাদ্যৰ বিষয়ে, যিবোৰ আপুনি যেতিয়াই ভোক অনুভৱ কৰে তেতিয়াই নিমিষতে তৈয়াৰ কৰি খাব পাৰে ।

১/ পিষ্টাচিঅ’ ওটছ আৰু গোলাপ

ইয়াক তৈয়াৰ কৰিবলৈ ৩ চামুচ ওটচ, ১/২ চামুচ চিয়া গুটি, ১ চামুচ গুড়, ১ চামুচ কিচমিচ, ১ চামুচ গোলাপৰ পাহি, ৫-৬ টা পিষ্টা ৰোষ্ট কৰা, ২ কাপ গাখীৰৰ প্ৰয়োজন । এতিয়া এই সকলোবোৰ উপাদান একেলগে মিহলাই ৰাতিটো তিয়াই থওক । পুৱা উঠি ইয়াক নবনোৱাকৈ আপুনি ইয়াক ব্ৰেকফাষ্টত খাব পাৰে ।

২/ চকো পিনাট ওটছ

ওটচক চকলেটৰ সোৱাদ দিবলৈ ৩ চামুচ অটচ, ১ চামুচ চিয়া গুটি, ১ চামুচ গুড়, ১ চামুচ কিচমিচ, ১ চামুচ পিনাট বাটাৰ, আধা চামুচ ক’ক’ পাউদাৰ, ২ কাপ গাখীৰ খাব লাগে । চকলেট প্ৰেমীসকলে ওটছৰ এই ৰেচিপি নিশ্চয় ভাল পাব । ইয়াত পিনাট বাটাৰৰ ৰূপত স্বাস্থ্যকৰ চৰ্বি থাকে ।

৩/ কেশৰ বাদাম ওটছ

ইয়াক তৈয়াৰ কৰিবলৈ ৩ চামুচ ওটচ, ২ চামুচ চিয়া গুটি, ১ চামুচ গুড়, ১ চামুচ কিচমিচ, ১ চামুচ আলমণ্ড, ৩ৰ পৰা ৪ টা কেশৰ ডাল, ২টা থেতেলিয়াই লোৱা ইলাচি, ২ কাপ গাখীৰ । ওটছৰ এই ৰেচিপিটো পুষ্টিকৰ উপাদানৰে ভৰপূৰ । ইয়াক খালে শৰীৰে অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ লাভ কৰে । এই ৰেচিপিত কেশৰ আৰু ইলাচি যোগ কৰিলে আপুনি ভাল সুগন্ধি আৰু ভাল সোৱাদ লাভ কৰিব ।

সেয়ে আপুনিও এতিয়াৰ পৰা কেতিয়াবা হঠাৎ ভোক লাগিলে কিবা সোৱাদযুক্ত বাবে স্বাস্থ্যকৰ খাদ্য যদি খাব বিচাৰে তেন্তে ওপৰত উল্লেখিত এই খাদ্যসমূহ অতি সহজে ঘৰতে তৈয়াৰ কৰি খাব পাৰে ৷

লগতে পঢ়ক: Grapes Benefits: কেৱল আঙুৰে এই ৫টা ৰোগৰ পৰা সকাহ দিয়ে, আপুনিও খাবলৈ আৰম্ভ কৰক এই ফল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.