B Barooah college election: বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতৰ স্থগিতাদেশ
বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ ৷ নিৰ্বাচনত স্থগিতাদেশ কামৰূপ মহানগৰ জিলা দেৱানী আদালতৰ ৷ নীতি বহিভূতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিযোগ ৷
Assam Sahitya Sabha : অসম সাহিত্য সভাৰ নিৰ্বাচনত ৰিগিং !
অসম সাহিত্য সভাৰ নিৰ্বাচনত আকৌ কালিমা (Assam Sahitya Sabha Election) ৷ চলিত সভাপতি নিৰ্বাচনত ৰিগিং ! সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পত্ৰ ৷
Birth Aniversary of Lachit Borphukan: বিশাল মাৰ্চপাষ্টেৰে লাচিত জন্মজয়ন্তীৰ শুভাৰম্ভ
আজিৰে পৰা আৰম্ভ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী কাৰ্যসূচীৰ(Lachit Diwas celebrated in Guwahati) । কামৰূপ মহানগৰ জিলাত ৬ দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব লাচিত দিৱসৰ কাৰ্যসূচী । মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে শুক্ৰবাৰে গুৱাহাটী মহানগৰীত অসম আৰক্ষী, বায়ু সেনা , NCC ,BSF , CRPF , SSB, CISF , RPF য়ে গ্ৰহণ কৰে মাৰ্চপাষ্টৰ কাৰ্যসূচী । মহাবীৰ লাচিত বৰফুকনৰ অদম্য সাহস আৰু ত্যাগৰ সশদ্ধ স্মৰণেৰে গ্ৰহণ কৰা হয় এই কাৰ্যসূচীৰ ।
Lachit Anniversary celebrated in Sivasagar: লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী শিৱসাগৰত
বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষে শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চি আৰ পি এফ আৰু শিক্ষাৰ্থীসকলে আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সমুখৰ পৰা তলাতল ঘৰলৈ এক কুচকাৱাজৰ আয়োজন কৰে(Lachit Borphukan 400 birth anniversary) । পুৱা ৮-০০ বজাত অনুষ্ঠিত কৰা কুচকাৱাজ আৰক্ষী অধীক্ষক শুভ্ৰ জ্যোতি বৰা, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ লগতে জিলা আৰক্ষীৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।
Arunachal Tourism: অৰুণাচল প্ৰদেশত ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ মুকলি
অৰুণাচলৰ পৰ্যটন খণ্ডত আন এক নতুন সংযোজন (Arunachal Pradesh Tourism) । অৰুণাচল প্ৰদেশৰ পৰ্যটকৰ বাবে উপলব্ধ হ'ব ডিজিটেল আন্তঃৰাজ্যিক পাৰপত্ৰ । তথ্য-প্ৰযুক্তি বিভাগে প্ৰস্তুত কৰা এই ই-আই এল পি পৰ্টেলৰ (e Inner Line Permit) অৰুণাচল প্ৰদেশৰ ইটানগৰৰ অসামৰিক সচিবালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰে (Arunachal CM Pema Khandu) ।
Zubeen Garg birthday: নিশা 12 বজাত যোৰহাটত কেক কাটিলে জুবিন গাৰ্গে
যোৰহাটত এইবাৰ বিশাল অনুষ্ঠানেৰে আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন (Zubeen Garg birthday) ৷ জুবিনৰ প্ৰফেচনল জীৱন যোৰহাটৰ পৰাই আৰম্ভ হৈছিল, সেয়েহেএই 50 বছৰীয়া জন্মদিন বিশেষ কৰি তোলাৰ উদ্দেশ্যে যোৰহাটত জুবিনৰ বন্ধু-বান্ধৱ, ফেন ক্লাব সকলোৱে মিলি উদযাপন কৰিবলৈ আগবাঢ়িছে তেওঁৰ জন্মদিন (Zubeen Garg age) ৷ বৃহস্পতিবাৰে নিশা 12 বজাত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হৈ পঞ্চাশ বছৰীয়া জন্মদিন পালন কৰি সকলোৰে সৈতে কেক কাটিলে জুবিন গাৰ্গে ।
Athletics training camp: বোকাখাতত এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ মুকলি মন্ত্ৰী অতুল বৰাৰ
বোকাখাতত মন্ত্ৰী অতুল বৰাই শুকুৰবাৰে মুকলি কৰিলে এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ(Atul Bora inaugurate Athletics training camp) । বোকাখাত জিলা ক্রীড়া সন্থাৰ এথলেটিক বিভাগ আৰু বোকাখাত জে.ডি.এছ.জি. মহাবিদ্যালয় ক্রীড়া কোষৰ যৌথ উদ্যোগত এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ আৰম্ভ হৈছে(One-month athletic training camp) । বোকাখাত মহকুমাৰ বিদ্যালয় সমুহৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে এই প্ৰশিক্ষণ শিবিৰত ।
Bull tranquilized: অৱশেষত লকডাউনক ট্ৰেংকুইলাইজড
অৱশেষত ট্ৰেংকুলাইজ কাৰ হ'ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা "লকডাউন"ক(Bull tranquilise at Barpetaroad) ৷ ২৪ ঘন্টাত ৪ জনকৈ লোকক আহত কৰিছিল লকডাউনে । ইয়াৰে এজনৰ অৱস্থা অতি শোচনীয় হোৱাত গুৱাহাটীৰ চিকিৎসালয় ভৰ্ত্তি কৰোৱা হয় ৷
Mysterious fire in Uttrakhands house: উত্তৰাখণ্ডৰ এটা বিশেষ ঘৰত য'তে ত'তে জুই
উত্তৰাখণ্ডৰ নাইনিতালত এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাই প্ৰহেলিকাৰ সৃষ্টি কৰিছে ৷ ঘৰটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতো বাৰে বাৰে এই অগ্নিকাণ্ড সংঘটিত হৈছে । ফলত দিনতো বাদেই নিশাও বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে পৰিয়ালটোৱে ।
Skyroot Aerospace launch Vikram S: ইতিহাস ৰচি উৎক্ষেপণ কৰা হ'ল দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট
দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণেৰে ইতিহাস ৰচনা কৰিলে ভাৰতে ৷ আজি দিনৰ ১১:৩০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা প্ৰক্ষেপণ কৰা হয় দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-এছ । ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ তথা প্ৰয়াত বিজ্ঞানী বিক্ৰম চাৰাভাইৰ নামেৰে নামাকৰণ কৰা হৈছে এই ৰকেটটো ।