তিনিচুকীয়া, 20 জুন : তিনিচুকীয়াত এতিয়া সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰিছে একাংশ চোৰে ৷ জিলাখনত সান্ধ্য় আইন বলৱৎ হোৱাৰ পাছৰে পৰা আৰম্ভ হৈছে চোৰ, ডকাইতৰ সন্ত্ৰাস ৷ শনিবাৰে নিশা শিভম ট্ৰেড এণ্ড এজেঞ্চি নামৰ এখন দোকানৰ ছাটাৰ ভাঙি নগদ ধনৰ লগতে ৰঙৰ টেমা চুৰি কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, শনিবাৰে নিশা তিনিচুকীয়া এ টি ৰোডৰ কাষৰ ৰয়েল এনফিল্ড মটৰ চাইকেল ডিলাৰৰ তলৰ শিভম ট্ৰেড এণ্ড এজেঞ্চি নামৰ এখন ৰঙৰ দোকানত চোৰে দোকানৰ ছাটাৰ ভাঙি প্ৰৱেশ কৰি কেচ বাকচৰ পৰা 39,000 টকা আৰু দহ লিটাৰৰ ৰং ভৰ্তি টেমা চুৰি কৰি লৈ যায় । দেওবাৰে ৰাতিপুৱা দোকানৰ গৰাকীয়ে দোকান খুলিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীক অৱগত কৰে ব্যৱসায়ীজনে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে যদিও এই পৰ্যন্ত চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ।
বিগত 16 জুনত তিনিচুকীয়া জিলাৰ ন-পুখুৰীৰ মছজিদ পট্টি ৰোডৰ ব্যক্তি এজনৰ ঘৰত সংঘটিত হৈছিল ডকাইতি কাণ্ড ৷ দিন-দুপৰতে তিনিজনীয়া দুৰ্বৃত্তৰ দলে মাৰণাস্ত্ৰ লৈ সুৰেশ কেৰিয়াৰ নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিছিল ৷ প্ৰথমে ঘৰৰ সকলো সদস্যক চকুত কাপোৰ বান্ধি ঘৰৰ পৰা এডাল সোণৰ চেইন, এটা সোণৰ আঙুঠি আৰু ৫টা ম’বাইল ফোন লৈ পলায়ন কৰিছিল ৷ তাৰ পাছতেই তিনিচুকীয়াত এখন দোকানত সংঘটিত হোৱা চুৰি কাণ্ডই জিলাখনৰ চহৰখনৰ লোকলকলে নিৰাপত্তাহীনতাত ভুগিছে বুলি জানিবলৈ দিয়াৰ লগতে জিলা প্ৰশাসনক এই ক্ষেত্ৰত বিহিত ল’বলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যু